• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘ষ্টাৰ কেম্পেইনা’ৰত পৰিণত হোৱা প্ৰিয়ংকা গান্ধী অসমলৈ আহিব কংগ্ৰেছৰ প্ৰচাৰৰ বাবে

আৱেদনময়ী নেত্ৰীগৰাকীৰ লম্ফ-জম্ফহীন ভাষণত আছে চোক, ব্যক্তিত্বত আছে গাম্ভীৰ্য্যৰ প্ৰকাশ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 20, 2019 11:37 am

2 min read

Priyanka-Gandhi-Vadra

প্ৰিয়ংকা গান্ধী। ফাইল ফটো।

699
VIEWS
Share on FacebookShare on Twitter

কেইদিন মানৰ ভিতৰতে এগৰাকী ষ্টাৰ কেম্পেইনাৰ হৈ পৰা ৰাজীৱ-তনয়া প্ৰিয়ংকা গান্ধী ভদ্ৰা অসমলৈ আহিব কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে। এই খবৰ দিছে দলৰে এটা সূত্ৰই। প্ৰিয়ংকাই ৰাজ্যখনৰ একাধিক ঠাইত নিৰ্বাচনী প্ৰচাৰত ভাগ লোৱাৰ সম্ভাৱনা আছে।

প্ৰিয়ংকা গান্ধীৰ অসমৰ সূচী এতিয়াও স্থিৰ হোৱা নাই যদিও অচিৰেই তেওঁৰ আন প্ৰচাৰ কাৰ্য্যসূচী চালি-জাৰি চাই ঠিক কৰাৰ কথা আৰু অসম প্ৰদেশ কংগ্ৰেছে এই সন্দৰ্ভত যোগাযোগ অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে যোৱা ২৩ জানুৱাৰিত দলে উত্তৰ প্ৰদেশ (পূব)ৰ সাধাৰণ সম্পাদিকাৰ দায়িত্ব দিয়াৰ লগে লগে সক্ৰিয় ৰাজনীতিত আনুষ্ঠানিক প্ৰৱেশ ঘটিছিল প্ৰিয়ংকাৰ।

priyanka-gandhi
গুজৰাটৰ গান্ধী নগৰত সমাৱেশত ভাষণৰ সময়ত প্ৰিয়ংকা গান্ধী।

দায়িত্ব লোৱাৰ পিছত একাধিক ৰাজহুৱা আত্মপ্ৰকাশত নিজৰ লাখ লাখ অনুৰাগী সৃষ্টি কৰিবলৈ সক্ষম হৈছে প্ৰিয়ংকাই। অলপতে গুজৰাটৰ গান্ধী নগৰৰ এখন সমাৱেশত দিয়া ভাষণে দেশজুৰি চৰ্চা লাভ কৰাৰ লগতে এই ভাষণৰ ভিডিঅ’ কোটি কোটি ভাৰতীয়ই চাইছে বিভিন্ন চেনেলৰ জৰিয়তে।

অনেকেই প্ৰিয়ংকাৰ মাজত আইতাক তথা প্ৰয়াত ইন্দিৰা গান্ধীৰ প্ৰতিচ্ছবি আৱিষ্কাৰ কৰাৰ প্ৰয়াস কৰিছে। গান্ধী নগৰৰ সভাত প্ৰিয়ংকাই মঞ্চত ভাষণ দিবলৈ ডায়াছলৈ আগ বাঢ়ি যাওঁতে বিপুল জনতাই ‘ইন্দিৰা গান্ধী জিন্দাবাদ’ ধ্বনি দিয়াটো আছিল তাৎপৰ্য্যপূৰ্ণ। ইপিনে মোহময়ী নেত্ৰীগৰাকীয়ে টুইটাৰত যোগ দিয়াৰ এপষেকৰ ভিতৰতে লাখ লাখ ফ’ল’ৱাৰে তেওঁক ফ’ল’ কৰে।

প্ৰিয়ংকাৰ এই জনপ্ৰিয়তাক কংগ্ৰেছে আগন্তুক লোকসভা নিৰ্বাচনত মূলধন কৰি লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

প্ৰিয়ংকা গান্ধীৰ উপৰি অসম তথা উত্তৰ-পূবত ষ্টাৰ কেম্পেইনাৰ হিচাপে ভাগ ল’ব প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিং, দলটোৰ প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধী আৰু জ্যেষ্ঠ নেতা গোলাম নবী আজাদে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd