NORTHEAST NOW (Assamese)

‘বিয়াৰ পিছত প্ৰিয়ংকা গান্ধী গান্ধী পৰিয়ালৰ সদস্য হৈ থকা নাই, গতিকে তেওঁক কংগ্ৰেছৰ সভাপতি পাতিব পাৰি’, অসমৰ কোন সাংসদে জনালে এই দাবী?

September 28, 2022 7:34 pm · এন ই নাও নিউজ,গুৱাহাটী

কংগ্ৰেছৰ সভাপতি নিৰ্বাচনকলৈ দলটোৰ অন্দৰমহলত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। নানান ফৈদৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।বহুতে ৰাহুল গান্ধীয়েই পুনৰ কংগ্ৰেছৰ সভাপতি হোৱাটো বিচাৰিছে যদিও ৰাহুলে তেনে প্ৰস্তাৱ বাৰে বাৰে অগ্ৰাহ্য কৰিছে। ব

হুতে আকৌ গান্ধী পৰিয়ালৰ বাহিৰৰ লোক সভাপতিৰ পদত অধিষ্ঠিত হোৱাটোহে বিচাৰিছে। এনে সময়তে কংগ্ৰেছৰ অসমৰ এগৰাকী সাংসদে প্ৰিয়ংকা গান্ধীক দলৰ সভাপতি পাতিব লাগে বুলি দাবী জনাইছে।অসমৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে কয় যে ভাদ্ৰা আন এটা পৰিয়ালৰ বোৱাৰী হোৱাৰ সূত্ৰে তেওঁ ভাৰতীয় পৰম্পৰা অনুসৰি গান্ধী পৰিয়ালৰ সদস্য নহয়। সেয়ে তেওঁক সভাপতিৰ পদত অধিষ্ঠিত কৰাত কাৰো আপত্তি থাকিব নালাগে।

টুইটাৰত বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে কয়, “যিহেতু ৰাহুল গান্ধীয়ে পুনৰদলৰ সভাপতি হ’বলৈ অস্বীকাৰ কৰিছে, মই এইক্ষেত্ৰত প্ৰিয়ংকা গান্ধীকেই শ্ৰেষ্ঠ প্ৰাৰ্থী হিচাপে বিবেচনা কৰোঁ।” তেওঁ কয়, “ভাদ্ৰা আন পৰিয়ালৰ বোৱাৰী হোৱাৰ বাবে তেওঁ আৰু এতিয়া গান্ধী পৰিয়ালৰ সদস্য নহয়।” ৰাহুল গান্ধীয়ে কিছুদিন পূৰ্বে কৈছিল যে তেওঁ সংগঠনটোৰ দায়িত্ব ল’ব লাগে বুলি দলৰ কৰ্মীসকলে ব্যক্ত কৰা ইচ্ছাক সন্মান কৰে ।

কিন্তু এই কথাও ঠিক যে গান্ধী পৰিয়ালৰ কোনেও কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি নহ’ব। ৰাহুল গান্ধীয়ে এই কথা অশোক গেহলটৰ সন্মুখত কৈছিল। জ্যেষ্ঠ কংগ্ৰেছ নেতা থাৰুৰে শীৰ্ষ পদৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হোৱা দেখা গৈছে। কিন্তু এয়া এতিয়াও স্পষ্ট হোৱা নাই যে তেওঁৰ নিৰ্বাচনী প্ৰতিদ্বন্দী কোন হ’ব । কিয়নো ৰাজস্থানৰ ঘটনাৱলীয়ে অশোক গেহলটৰ প্ৰাৰ্থিত্বৰ বিষয়টোত অনিশ্চয়তা আনি দিছে।

উল্লেখ্য কংগ্ৰেছৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া ২৪ ৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব৷ মনোনয়ন পত্ৰ পৰীক্ষাৰ তাৰিখ ১ অক্টোবৰ, আনহাতে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ৮ অক্টোবৰ। প্ৰাৰ্থীৰ চূড়ান্ত তালিকা ৮ অক্টোবৰৰ সন্ধিয়া ৫ বজাত প্ৰকাশ কৰা হ’ব। প্ৰয়োজন হ’লে ১৭ অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ভোটগণনা ১৯ অক্টোবৰত কৰা হ’ব আৰু ফলাফল একেদিনাই ঘোষণা কৰা হ’ব। নিৰ্বাচনত ৯,০০০ তকৈও অধিক প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰতিনিধিয়ে ভোটদান কৰিব।

Related News