• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্দ্ৰৰ পাঁচবছৰীয়া নিষেধাজ্ঞা মানি ল’লে পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াই, সংগঠন ভংগৰ কথা ঘোষণা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 28, 2022 7:47 pm
132
VIEWS
Share on FacebookShare on Twitter

ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ সৈতে বিভিন্ন প্ৰকাৰে জৰিত থকাৰ অভিযোগত কেন্দ্ৰীয় চৰকাৰে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াক পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰাৰৰ পিছত আজি পিএফআইয়ে কয় যে সংগঠনটোৱে কেন্দ্ৰৰ নিষেধাজ্ঞা মানি লৈছে আৰু সংগঠনটো ভংগ কৰি দিছে।

গৃহ মন্ত্ৰালয়ে সংগঠনটোক সন্ত্ৰাসবাদীৰে সম্পৰ্ক ৰক্ষা আৰু ভাৰত বিৰোধী কাৰ্যকলাপৰ বাবে ৫ বছৰৰ বাবে নিষিদ্ধ কৰাৰ পদক্ষেপৰ পিছতে সংগঠনটো ভাঙি দিয়াৰ সিদ্ধান্তৰ বিষয়ে পিএফআইয়ে ইয়াৰ সদস্যসকলক অৱগত কৰি এক বিবৃতিও জাৰি কৰিছে।বিবৃতিত কোৱা হৈছে ” সকলো পিএফআই সদস্য আৰু ৰাইজক জনোৱা হৈছে যে পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া (পিএফআই) ভংগ কৰা হৈছে। গৃহ দপ্তৰে পিএফআই নিষিদ্ধ কৰাৰ বাবে এখন জাননী জাৰি কৰিছে। দেশৰ আইন মানি চলা নাগৰিক হিচাপে, সংগঠনটোৱে এই সিদ্ধান্ত মানি লৈছে ,”।

বিবৃতিটোত কেৰালাৰ পিএফআইৰ ৰাজ্যিক সাধাৰণ সম্পাদক আব্দুল সাত্তাৰে এনেদৰে কয়। আব্দুল সাত্তাৰে সকলো সদস্যকে এতিয়া নিষিদ্ধ সংগঠনটোৰ সৈতে সম্পৰ্কিত সকলো কাৰ্যকলাপ বন্ধ কৰিবলৈ অনুৰোধ জনাইছে। সাত্তাৰে আজি কেৰালাৰ কৰুণাগাপল্লীৰ পৰা গ্ৰেপ্তাৰ হোৱাৰ কেইঘণ্টামান পিছত ঘোষণা কৰিছিল যে সংগঠনটো এটা ফেচবুক পোষ্টৰ জৰিয়তে ঘোষণা কৰি ভংগ কৰা হৈছে।

উল্লেখ্য আজি কেন্দ্ৰীয় চৰকাৰে ইছলামিক সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (PFI)- ক পাঁচ বছৰৰ বাবে দেশত নিষিদ্ধ ঘোষণা কৰিছে। সমগ্ৰ দেশজুৰি যোৱা কিছুদিন ধৰি সংগঠনটোৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহে চলাই থকা অভিযানৰ পিছত আজি কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে।

আজি জাৰি কৰা এক চৰকাৰী জাননীত উল্লেখ কৰা হৈছে যে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA)ৰ অধীনত তাৎক্ষণিক ভাৱে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া আৰু ইয়াৰ সহযোগী সংগঠনসমূহক বেআইনী ঘোষণা কৰা হৈছে।

বিবৃতিটোত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াই ষ্টুডেণ্টছ ইছলামিক মুভমেণ্ট অৱ ইণ্ডিয়া (চিমি), জামাত-উল-মুজাহিদীন বাংলাদেশ আৰু ইছলামিক ষ্টেট অৱ ইৰাক এণ্ড চিৰিয়া (আইছিছ)ৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অহা বুলি উল্লেখ কৰা হৈছে আৰু কেইবাটাও অপৰাধমূলক আৰু সন্ত্ৰাসবাদী গোচৰত সংগঠনটো জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে বুলি দাবী কৰিছে।

গৃহ মন্ত্ৰালয়ে জাৰি কৰা জাননীখনত লগতে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া আৰু ইয়াৰ সহযোগী সংগঠনসমূহে বেআইনী কাৰ্যকলাপত লিপ্ত হৈ দেশৰ অখণ্ডতা, সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ উপৰিও শান্তি আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰাৰ সম্ভাৱ্য পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰে।

সংগঠনটোৱে সমাজৰ এটা নিৰ্দিষ্ট অংশক মৌলবাদী হিচাপে গঢ়ি তোলাৰ বাবে এক গোপন কাৰ্যসূচী পৰিচালনা কৰি আহিছে আৰু দেশৰ সাংবিধানিক কৰ্তৃত্বৰ প্ৰতি সংগঠনটোৱে সম্পূৰ্ণ অসন্মান প্ৰদৰ্শন কৰে বুলিও বিবৃতিটোত দাবী কৰা হৈছে।

বাহিৰৰ পৰা পুঁজি লাভ কৰাৰ লগতে কট্টৰ আদৰ্শগত সমৰ্থনৰ দ্বাৰা পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে এক ডাঙৰ ভাবুকি হৈ পৰিছে বুলি জাননীখনত গৃহ মন্ত্ৰালয়ে স্পষ্টকৈ উল্লেখ কৰিছে।

উল্লেখ্য যে সন্ত্ৰাসবাদীৰ পুঁজিৰ সৈতে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ সম্পৰ্ক থকাৰ অভিযোগ তুলি নিয়াই দেশজুৰি সংগঠনটোৰ কাৰ্যালয় তথা কৰ্মীৰ বাসগৃহত অভিযান চলাই বহু বিস্ফোৰক তথ্য উদ্ধাৰ কৰা বুলি দাবী কৰিছিল।

এই অভিযানৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ তিনি শতাধিক সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে। ২২ ছেপ্টেম্বৰ আৰু ২৭ ছেপ্টেম্বৰত নিয়া, এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট আৰু ৰাজ্যিক আৰক্ষীয়ে সংগঠনটোৰ বিৰুদ্ধে দেশজুৰি অভিযান চলায়।

প্ৰথম পৰ্যায়ৰ অভিযানত সংগঠনটোৰ ১০৬ গৰাকী সদস্যক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ৰ অভিযানত ২৪৭ গৰাকী সদস্যক গ্ৰেপ্তাৰ কৰা হয়। অনুসন্ধানকাৰী সংস্থাসমূহে সংগঠনটোৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ লাভ কৰা বুলি দাবী কৰে আৰু ইয়াৰ ভিত্তিত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াক নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হয়।

ইয়াৰ উপৰিও পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ সহযোগী সংগঠন ৰিহাব ইণ্ডিয়া ফাউণ্ডেচন, কেম্পাছ ফ্ৰণ্ট অফ ইণ্ডিয়া, অল ইণ্ডিয়া ইমামছ কাউন্সিল, নেচনেল কনফেডাৰেচন অৱ হিউমেন ৰাইটছ অৰ্গেনাইজেচন, নেচনেল অ’মেন ফ্ৰণ্ট, জুনিয়ৰ ফ্ৰণ্ট, এমপাৱাৰ ইণ্ডিয়া ফাউণ্ডেচন আৰু ৰিহেব ফাউণ্ডেচন, কেৰালাকো কেন্দ্ৰই নিষিদ্ধ ঘোষণা কৰিছে।

উল্লেখ্য যে ২২ ছেপ্টেম্বৰত নিয়া আৰু এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে ১৫ খন ৰাজ্যৰ প্ৰায় ৯৩ টা স্থানত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ বিৰুদ্ধে তালাচী চলাইছিল। এই ৰাজ্যকেইখন আছিল ক্ৰমে কেৰালা, তামিলনাডু, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, উত্তৰ প্ৰদেশ, ৰাজস্থান, দিল্লী, অসম, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, গোৱা, পশ্চিম বংগ, বিহাৰ আৰু মণিপুৰ।

নিয়াসহ তদন্তকাৰী সংস্থাসমূহে দেশত সন্ত্ৰাসবাদী কাৰ্যকলাপক সমৰ্থন কৰাৰ অভিযোগত ‘অপাৰেচন অক্টোপাছ’ৰ অধীনত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ সদস্যসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল।

Recent News

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd