ভুৱা এনকাউন্টাৰ! অৱশেষত ৰৌতাৰ এনকাউণ্টাৰ ভুল আছিল বুলি তথ্য সদৰী আৰক্ষীৰ

প্রতিনিধিত্বমূলক ফটো।

অৱশেষত ওদালগুৰি জিলাৰ ৰৌতাৰ এনকাউণ্টাৰৰ প্ৰকৃত তথ্য পোহৰলৈ আহিছে। দৰাচলতে, আৰক্ষীয়ে প্ৰথমতে কেনাৰাম বড়োৰ বুলি দাবী কৰা এনকাউণ্টাৰত মৃত্যু হোৱা লোকজন আছিল ডিম্বেশ্বৰ মুছাহাৰী।

এক প্ৰেছ বিবৃতিৰ জৰিয়তে চি আই ডিয়ে প্ৰকাশ কৰিছে যে ডিএনএ পৰীক্ষা সম্পন্ন কৰাৰ পাছত আৰক্ষী এই কথাত নিশ্চিত হৈছে। বিবৃতিটোত ওদালগুৰি এনকাউণ্টাৰত ভুল আছিল বুলিও আৰক্ষীয়ে উল্লেখ কৰিছে।

উল্লেখ্য যে আৰক্ষীয়ে যোৱা ২৪ ফেব্ৰুৱাৰীত ৰৌতাৰ ধনশিৰিখুটি গাঁৱত হোৱা ‘গুলীয়াগুলীত’ দুজন আৰক্ষী আহত হোৱা বুলি দাবী কৰিছিল।  

লগতে পঢ়ক: ৰহস্য! ১৫ কোটি টকাৰ বাবে হত্যা কৰা হৈছিল সতীশ কৌশিকক? অচিনাক্ত মহিলাৰ দাবীত চাঞ্চল্য

এনকাউন্টাৰৰ পিছত প্ৰথমে আৰক্ষীয়ে মৃতদেহটো দুধৰ্ষ ডকাইত কেনাৰাম বড়োৰ বুলি দাবী কৰিছিল। সেইদৰে, কেনাৰামৰ পৰিয়ালেও ডিম্বেশ্বৰ মুছাহাৰীৰ মৃতদেহকেই কেনাৰাম বুলি সমাধিস্থ কৰিছিল।

তাৰ পাছতেই ডিম্বেশ্বৰ মুছাহাৰীৰ পত্নীয়ে দাবী কৰিছিল যে সেই মৃতদেহটো কেনাৰামৰ নহয়, ডিম্বেশ্বৰ মুছাহাৰীৰহে। এই সন্দৰ্ভত এখন এজাহাৰো দাখিল কৰা হৈছিল। তাৰপিছত যোৱা ২৮ ফেব্ৰুৱাৰীত ডি এন এ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ অনা হৈছিল মৃতদেহটো।

ডিম্বেশ্বৰ মুছাহাৰীৰ পত্নীৰ দাবীৰ পাছতেই বিতৰ্কৰ সূত্ৰপাত হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিজিপিক এক চিআইডি তদন্তৰ বাবে নিৰ্দেশ দিয়ে। যোৱা ২ মাৰ্চত এই তদন্ত আৰম্ভ হৈছিল।

অৱশেষত শনিবাৰে GMCHত চিনাক্ত কৰা হৈছে মৃতদেহটো। ফ’ৰেন্সিক পৰীক্ষাৰ অন্তত পৰিয়ালক লোকক ডিম্বেশ্বৰ মুছাহাৰীৰ মৃতদেহটো গতাই দিয়া হৈছে। তদন্তৰ প্ৰতিবেদন চৰকাৰৰ ওচৰত দাখিল কৰা হ’ব।

লগতে পঢ়ক: প্ৰচণ্ড তুষাৰপাতৰ ফলত পূব ছিকিমত আৱদ্ধ প্ৰায় ৯০০ পৰ্যটক; উদ্ধাৰ অভিযানত নামিছে সেনা

উল্লেখ্য যে প্ৰাক্তন এনডিএফবি বিদ্ৰোহী কেনাৰাম বড়োক অসম আৰু মেঘালয়ত সশস্ত্ৰ ডকাইতিৰ কেইবাটাও গোচৰত আৰক্ষীয়ে বিচাৰি আছিল আৰু ইয়াৰ পূৰ্বে কেইবাবাৰো অস্ত্ৰৰে সৈতে তেওঁক গ্ৰেপ্তাৰো কৰা হৈছিল।