NORTHEAST NOW (Assamese)

ড০ নীলিমা শৰ্মালৈ আগবঢ়োৱা হৈছে আউনীআটী সত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা

January 20, 2019 8:07 am · এন ই নাও নিউজ
শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা প্ৰাপ্ত গৱেষক ড০ নীলিমা শৰ্মা।

গুৱাহাটী বিশ্ববিদ্যালয়ৰৰ দৰ্শন বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ড° নীলিমা শৰ্মাক আউনীআটী সত্ৰৰ শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা বঁটা ২০১৭’ প্ৰদান কৰা হৈছে ৷ শনিবাৰে লখিমপুৰৰ আউনীআটী বান্দৰদেৱা শাখা সত্ৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে ২০০৫ চনৰ পৰাই  আউনীআটী সত্ৰই শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা প্ৰদান কৰি আহিছে ৷ এইবছৰ এই বঁটা গৱেষক-পণ্ডিত ড° নীলিমা শৰ্মাক প্ৰদান কৰা হয় ৷ ড০ শৰ্মাক শ্ৰীমন্ত শংকৰদেৱ বিষয়ক তেওঁৰ Rethinking Sankardeva’s Philosophy in The 21st Century নামৰ গৱেষণা গ্ৰন্থখনৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে।

এই বঁটাত আছে নগদ পোন্ধৰ হাজাৰ টকা, এখন মানপত্ৰ, আউনীআটী সত্ৰৰ স্মাৰক, বেতৰ বিচনি আৰু এটি গ্ৰন্থৰ টোপোলা ৷

আউনীআটী সত্ৰৰ বান্দৰদেৱা শাখা সত্ৰ আৰু সাংস্কৃতিক কলা বিকাশ ক্ষেত্ৰৰ উদ্বোধনী অনুষ্ঠানৰ তৃতীয় দিনাৰ কাৰ্যসূচীত বঁটাতো প্ৰদান কৰে সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে।

ইয়াৰ পূৰ্বে শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা লাভ কৰা ব্যক্তিসকলৰ মাজত আছে ড০ নিৰুপমা মহন্ত, ড০ মহেশ্বৰ হাজৰিকা, শিৱনাথ বৰ্মন, তিলক চন্দ্ৰ মজুমদাৰ, ড০ বিমল ফুকনকে ধৰি আন কেইবাগৰাকীও ব্যক্তি।

Related News