NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটা মহকুমাত অবৈধ লালিগুড় বেচা-কিনাৰ বিৰুদ্ধে ১৪৪ ধাৰা জাৰি

September 12, 2018 3:59 pm · মানস প্ৰতিম গগৈ
Updated: September 12, 2018 4:07 pm
ফাইল ফটো নৰ্খ-ইষ্ট নাও

মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন অঞ্চলত লালিগুড়ৰ অপব্যৱহাৰ তথা লালিগুড়ৰ পৰা স্বাস্থ্য হানিকাৰক অবৈধ দেশীয় সুৰা প্ৰস্তুকৰণ আৰু সৰবৰাহ তথা মজুতকৰণ হোৱাৰ আশংকা কৰি মাৰ্ঘেৰিটা মহকুমা দণ্ডাধীশে মহকুমাটোত লালিগুড়ৰ বেচা-কিনা, সৰবৰাহ তথা মজুতকৰণ নিষিদ্ধ কৰি সমগ্ৰ মহকুমাটোতে তৎকালে বলৱৎ হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰা জাৰি কৰিছে।

এই আদেশ অমান্য কৰাসকল ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰা অনুসৰি দণ্ডনীয় হ’ব। এই আদেশ তৎকালে বলৱৎ কৰা হৈছে আৰু পৰৱৰ্তী ৬০ দিনৰ বাবে বাহাল থাকিব বুলি আজি এক প্ৰেছ বাৰ্তা যোগে ভাৰপ্ৰাপ্ত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া ঝৰ্ণা পাটগিৰিয়ে অৱগত কৰিছে।

উল্লেখযোগ্য যে যোৱা ৭ ছেপ্টেম্বৰত মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীত চুলাই বনাবলৈ নিয়া বৃহৎ পৰিমাণৰ ১২৪ টিন লালিগুড় জব্দ আৰক্ষীয়ে জব্দ কৰাৰ লগতে পৰশুৰাম শ্বাহ নামৰ এজন লোকক আটক কৰিছিল। ধৃত পৰশুৰামৰ ঘৰৰ পৰা লালিগুড় ভৰ্ত্তি ১২৪ টা টিন তথা চুলাই মদ বনোৱা বহু পৰিমাণৰ দৰব জব্দ কৰা হয় ৷

ধৃত পৰশুৰামে তিনিচুকীয়া বৰবজাৰস্থিত কুখ্যাত লালিগুড়ৰ ব্যৱসায়ী উমা শংকৰ যাদৱৰ মালিকনাধীন কৃষ্ণ ট্ৰেডিং কোম্পানীৰ পৰা লালিগুড়খিনি অনা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে। ইয়াৰ পিছতে ইয়াত এক বৃহৎ চক্ৰ জড়িত হৈ থকা কথা পোহৰলৈ অহাত মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে লালিগুড়ৰ বিৰুদ্ধে ১৪৪ ধাৰা জাৰি কৰে।

Related News