• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশিষ্ট অৰ্থনীতিবিদ, প্ৰধানমন্ত্ৰীৰ বিত্তীয় উপদেষ্টা পৰিষদৰ অধ্যক্ষ বিবেক দেৱৰয়ৰ পৰলোকপ্ৰাপ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 1, 2024 12:21 pm
বিশিষ্ট অৰ্থনীতিবিদ বিবেক দেৱৰয়ৰ পৰলোক। ফাইল ফটোঃ সংগ্ৰহীত।

বিশিষ্ট অৰ্থনীতিবিদ বিবেক দেৱৰয়ৰ পৰলোক। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট অৰ্থনীতিবিদ বিবেক দেৱৰয়ৰ পৰলোকপ্ৰাপ্তি ঘটিছে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিত্তীয় উপদেষ্টা পৰিষদৰ অধ্যক্ষ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ।

এইগৰাকী বিশিষ্ট অৰ্থনীতিবিদে মোডীৰ শাসনকালত ভাৰত চৰকাৰৰ বহু গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈ আহিছে। মৃত্যুৰ আগলৈকে প্ৰধানমন্ত্ৰীৰ উপদেষ্টা পৰিষদৰ দায়িত্ব তেওঁৰ কান্ধত আছিল।

বিবেক দেৱৰয়ৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এক্স হেণ্ডেলত তেওঁ লিখিছে, “ড০ বিবেক দেৱৰয় আছিল এজন বিদ্বান ব্যক্তি। অৰ্থনীতি, ইতিহাস, সংস্কৃতি, ৰাজনীতি, আধ্যাত্মিকতা আদি বহু ক্ষেত্ৰত তেওঁৰ দখল আছিল। বৌদ্ধিক মহলত তেওঁৰ ছাপ স্পষ্ট আছিল। চৰকাৰী খণ্ডৰ বাহিৰেও তেওঁ প্ৰাগঐতিহাসিক কালৰ বহু বিষয়কলৈও কাম কৰিছিল। তেওঁ নিজৰ কাম যুৱক-যুৱতীসকলৰ মাজলৈ সহজেই আগবঢ়াই দিছে।”

মোদীয়ে লগতে কয়, “মোৰ সৈতে ড০ দেৱৰয়ৰ পৰিচয় আছিল দীৰ্ঘদিনীয়া। তেওঁৰ অন্তৰ্দৃষ্টি আৰু বিভিন্ন বিষয়ত দিয়া ভাষণবোৰ মই সদায় মনত ৰাখিম। তেখেতৰ মৃত্যুত মৰ্মাহত হৈছো। পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি।”

লগতে পঢ়কঃ দীপাৱলীৰ নিশা মহানগৰীৰ খানাপাৰাত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত দুই যুৱক-যুৱতী

দেশৰ আগশাৰীৰ অৰ্থনীতিবিদসকলৰ ভিতৰত বিবেক দেৱৰয় আছিল অন্যতম ব্যক্তিত্ব। তেওঁ নৰেন্দ্ৰ মোডীৰ ঘনিষ্ঠ মহলৰ ভিতৰত আছিল। ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ প্ৰধানমন্ত্ৰীৰ উপদেষ্টা পৰিষদৰ অধ্যক্ষ হয়। ইয়াৰ পূৰ্বে ২০১৫ চনত তেওঁ নিটি আয়োগৰ সদস্য হৈছিল। ২০১৯ চনলৈকে তেওঁ কমিটীত আছিল।

ইয়াৰ উপৰিও ২০১৮ চনৰ পৰা ২০২২ চনলৈ তেওঁ ইণ্ডিয়ান ষ্টেটিকটিকেল ইনষ্টিটিউটৰ চেঞ্চেলৰ পদত আছিল।পুনেৰ গোখলে ইনষ্টিটিউট অফ পলিটিক্স এণ্ড ইকোনমিক্সৰ চেঞ্চেলৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। একে সময়তে ২০৪৭ চনৰ ভিতৰত ভাৰতৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গঠন কৰা কমিটীৰ সদস্যও আছিল দেবৰয়।

I have known Dr. Debroy for many years. I will fondly remember his insights and passion for academic discourse. Saddened by his passing away. Condolences to his family and friends. Om Shanti. pic.twitter.com/TyETOOwOoY

— Narendra Modi (@narendramodi) November 1, 2024

অৰ্থনীতিৰ বাহিৰেও তেওঁ অনুবাদক হিচাপেও পৰিচিত আছিল। ৰামায়ণ, মহাভাৰত ইংৰাজীলৈ অনুবাদ কৰিছিল বিবেক দেৱৰয়ে। অৰ্থনীতিৰ ওপৰতো তেওঁ বহুতো গ্ৰন্থ ৰচনা কৰিছিল। ২০১৬ চনত তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd