বিশিষ্ট সমাজ বিজ্ঞানী ইন্দিবৰ দেউৰী আৰু নাই

অসমৰ সমাজ জীৱনলৈ চিন্তা, অধ্যয়ন আৰু যুক্তিৰে অভূতপূৰ্ব বৰঙনি আগবঢ়াই যোৱা বিশিষ্ট সমাজ বিজ্ঞানী তথা নৃগোষ্ঠীবিদ ইন্দিবৰ দেউৰী আৰু নাই। মঙলবাৰে পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে বৌদ্ধিক জগতৰ মহীৰূহ গৰাকীয়ে।

নীৰৱে চিন্তা আৰু অধ্যয়নৰ সাধনা কৰি যোৱা ইন্দিবৰ দেউৰী আছিল জননেতা ভীমবৰ দেউৰীৰ সুযোগ্য সন্তান। অসমৰ জাতিজনজাতিসমূহৰ নৃগোষ্ঠীয় আৰু সাংস্কৃতিক পৰিচয়ৰ বিষয়ে যথেষ্ট প্ৰামাণিক আৰু গুৰুত্বপূৰ্ণ লেখা লিখিছিল ইন্দিবৰ দেউৰীয়ে। ইয়াৰ উপৰিও বৈজ্ঞানিক চিন্তাধাৰা আৰু যুক্তিবাদ সম্পৰ্কতো যথেষ্ট প্ৰগতিশীল লেখা লিখি অনেক পঢ়ুৱৈক পোহৰৰ বাট দেখুৱাইছিল ইন্দিবৰ দেউৰীয়ে। অসমৰ যুক্তিবাদী আন্দোলনৰ এজন আগশাৰীৰ সংগ্ৰামী আছিল ইন্দিবৰ দেউৰী।

২০০৮ জনত ‘যুক্তিবিকাশ’ নামৰ এখন মূল্যৱান পুথি প্ৰকাশ কৰিছিল ইন্দিবৰ দেউৰীয়ে। ইয়াৰ উপৰিও প্ৰসেনজিৎ চৌধুৰীৰ লগত যুটীয়াভাবে সম্পাদনা কৰি উলিয়াইছিল যুক্তিৰ পোহৰত সমাজ নামৰ এখন গ্ৰন্থ।

জনগোষ্ঠীয় সমস্যা:অতীত বৰ্তমান আৰু ভৱিষ্যত” শীৰ্ষক গ্ৰন্থখনত তেওঁ অসমৰ প্ৰতিটো নৃগোষ্ঠীয় জনগোষ্ঠীৰ বিষয়ে ভালেমান প্ৰৱন্ধ লিখিছে। এই গ্ৰন্থখন অসমৰ প্ৰতিটো জনগোষ্ঠীৰ সাংস্কৃতিক পৰিচয়, ইতিহাস আৰু সমস্যাৰ কথা যি যুক্তি, প্ৰমাণ আৰু সাৱলীলভাবে উল্লেখ কৰিছে সেয়া আন ক’তো পাবলৈ নাই।

ইয়াৰ উপৰিও জ্যোতি প্ৰসাদ আগৰৱালা আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ অৱদানক বিভিন্ন লেখাৰ মাজেৰে মূল্যাংকন কৰি গৈছে সমাজ বিজ্ঞানীগৰাকীয়ে।

ইন্দিবৰ দেউৰীৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে সদায় এক অপূৰণীয় ক্ষতি হিচাপে চিহ্নিত হৈ ৰব।