DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, March 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশিষ্ট সমাজ বিজ্ঞানী ইন্দিবৰ দেউৰী আৰু নাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2023 9:20 am
343
VIEWS
Share on FacebookShare on Twitter

অসমৰ সমাজ জীৱনলৈ চিন্তা, অধ্যয়ন আৰু যুক্তিৰে অভূতপূৰ্ব বৰঙনি আগবঢ়াই যোৱা বিশিষ্ট সমাজ বিজ্ঞানী তথা নৃগোষ্ঠীবিদ ইন্দিবৰ দেউৰী আৰু নাই। মঙলবাৰে পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে বৌদ্ধিক জগতৰ মহীৰূহ গৰাকীয়ে।

নীৰৱে চিন্তা আৰু অধ্যয়নৰ সাধনা কৰি যোৱা ইন্দিবৰ দেউৰী আছিল জননেতা ভীমবৰ দেউৰীৰ সুযোগ্য সন্তান। অসমৰ জাতি–জনজাতিসমূহৰ নৃগোষ্ঠীয় আৰু সাংস্কৃতিক পৰিচয়ৰ বিষয়ে যথেষ্ট প্ৰামাণিক আৰু গুৰুত্বপূৰ্ণ লেখা লিখিছিল ইন্দিবৰ দেউৰীয়ে। ইয়াৰ উপৰিও বৈজ্ঞানিক চিন্তাধাৰা আৰু যুক্তিবাদ সম্পৰ্কতো যথেষ্ট প্ৰগতিশীল লেখা লিখি অনেক পঢ়ুৱৈক পোহৰৰ বাট দেখুৱাইছিল ইন্দিবৰ দেউৰীয়ে। অসমৰ যুক্তিবাদী আন্দোলনৰ এজন আগশাৰীৰ সংগ্ৰামী আছিল ইন্দিবৰ দেউৰী।

২০০৮ জনত ‘যুক্তি–বিকাশ’ নামৰ এখন মূল্যৱান পুথি প্ৰকাশ কৰিছিল ইন্দিবৰ দেউৰীয়ে। ইয়াৰ উপৰিও প্ৰসেনজিৎ চৌধুৰীৰ লগত যুটীয়াভাবে সম্পাদনা কৰি উলিয়াইছিল ‘যুক্তিৰ পোহৰত সমাজ‘ নামৰ এখন গ্ৰন্থ।

“জনগোষ্ঠীয় সমস্যা:অতীত বৰ্তমান আৰু ভৱিষ্যত” শীৰ্ষক গ্ৰন্থখনত তেওঁ অসমৰ প্ৰতিটো নৃগোষ্ঠীয় জনগোষ্ঠীৰ বিষয়ে ভালেমান প্ৰৱন্ধ লিখিছে। এই গ্ৰন্থখন অসমৰ প্ৰতিটো জনগোষ্ঠীৰ সাংস্কৃতিক পৰিচয়, ইতিহাস আৰু সমস্যাৰ কথা যি যুক্তি, প্ৰমাণ আৰু সাৱলীলভাবে উল্লেখ কৰিছে সেয়া আন ক’তো পাবলৈ নাই।

ইয়াৰ উপৰিও জ্যোতি প্ৰসাদ আগৰৱালা আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ অৱদানক বিভিন্ন লেখাৰ মাজেৰে মূল্যাংকন কৰি গৈছে সমাজ বিজ্ঞানীগৰাকীয়ে।

ইন্দিবৰ দেউৰীৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে সদায় এক অপূৰণীয় ক্ষতি হিচাপে চিহ্নিত হৈ ৰব।

Recent News

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ নতুন অভিযোগৰ মধ্যমনি ব্লক ইনকৰ্পোৰেটেডৰ বিত্তীয় মুৰব্বী অমৃতা আহুজা!

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ নতুন অভিযোগৰ মধ্যমনি ব্লক ইনকৰ্পোৰেটেডৰ বিত্তীয় মুৰব্বী অমৃতা আহুজা!

উত্তৰ-পূবৰ দুজন সাংবাদিকে লাভ কৰিলে সাংবাদিকতাৰ উৎকৃষ্টতাৰ পুৰস্কাৰ

উত্তৰ-পূবৰ দুজন সাংবাদিকে লাভ কৰিলে সাংবাদিকতাৰ উৎকৃষ্টতাৰ পুৰস্কাৰ

Rahul Gandhi

সাংসদ পদ হেৰুৱালে ৰাহুল গান্ধীয়ে: লোকসভাৰ সদস্য পদৰ বাবে অযোগ্য ঘোষণা

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd