“নিৰ্বাচনত বিনামূলীয়া আঁচনিৰ প্ৰলোভন এক গুৰুতৰ বিষয়”; কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ

SC on freebies promise

পাঁচখন ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহে ভোটাৰসকলক বিনামূলীয়া আঁচনিৰ প্ৰতিশ্ৰুতিৰে প্ৰলোভিত কৰাৰ বিষয়ত ভাৰতীয় নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰক জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে।

নিৰ্বাচনৰ পূৰ্বে ভোটাৰক বিনামূলীয়া আঁচনিৰ প্ৰতিশ্ৰুতিৰে প্ৰলোভিত কৰাটো এটা গুৰুতৰ বিষয় হিচাপে অভিহিত কৰে উচ্চতম ন্যায়ালয়ে।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই কয়, “মই এই কাৰ্যক আইনীভাৱে কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে জানিব বিচাৰো। নিৰ্বাচনৰ সময়ত এনে কৰিব পাৰিনে? ই এটা গুৰুতৰ বিষয়। বিনামূলীয়া বাজেট নিয়মীয়া বাজেটৰ অন্তৰ্ভূক্ত নহয়।”

শীৰ্ষ ন্যায়ালয়ে কয় যে পূৰ্বেও ন্যায়ালয়ে এই প্ৰক্ৰিয়াক প্ৰতিৰোধ কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ কৈছিল। কিন্তু আয়োগে ৰাজনৈতিক দলবোৰৰ সৈতে এই সন্দৰ্ভত মতামত বিচাৰি কেৱল মাত্ৰ এখন বৈঠক আহ্বান কৰিছিল।

নিৰ্বাচনৰ পূৰ্বে ৰাজহুৱা পুঁজিৰ পৰা অযৌক্তিক বিনামূলীয়া প্ৰতিশ্ৰুতি দিয়া বা বিনামূলীয়া বিতৰণ কৰা ৰাজনৈতিক দল এটাৰ নিৰ্বাচনী প্ৰতীক জব্দ বা পঞ্জীয়ন নাকচ কৰিবলৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশ বিচাৰি অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ে এখন আবেদন দাখিল কৰে।

এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগলৈ জাননী জাৰি কৰিছে। চাৰি সপ্তাহৰ পিছত এই সন্দৰ্ভত পুনৰ শুনানি হ’ব বুলি উল্লেখ কৰে উচ্চতম ন্যায়ালয়ে।

আৱেদনখনত কোৱা হৈছে যে ভোটাৰসকলৰ পৰা ৰাজনৈতিক অনুগ্ৰহ লাভৰ উদ্দেশ্যে ৰাজনৈতিক দলবোৰে গ্ৰহণ কৰা এনে জনপ্ৰিয় পদক্ষেপৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা থাকিব লাগে।

দলবোৰে এনে প্ৰতিশ্ৰুতি-প্ৰলোভনৰ জৰিয়তে সংবিধান উলংঘা কৰে আৰু নিৰ্বাচন আয়োগে এই ক্ষেত্ৰত উপযুক্ত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি আবেদনখনত উল্লেখ কৰা হৈছে।

অধিবক্তা উপাধ্যায়ে আবেদন খনত কয় যে নিৰ্বাচনৰ ওপৰত চকু ৰাখি বিনামূলীয়া সামগ্ৰী আগবঢ়াই ভোটাৰসকলক প্ৰভাৱিত কৰাৰ ৰাজনৈতিক দলসমূহৰ শেহতীয়া প্ৰৱণতা কেৱল গণতান্ত্ৰিক মূল্যবোধ ৰক্ষাৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি নহয়, সংবিধানৰ আত্মাকো আঘাত কৰে।

“এই অনৈতিক প্ৰথাটো ৰাজকোষৰ ধন ব্যয় কৰি ক্ষমতাত অধিষ্ঠিত হ’বলৈ ভোটাৰসকলক উৎকোচ দিয়াৰ দৰে। গণতান্ত্ৰিক নীতি আৰু প্ৰথাবোৰ সংৰক্ষিত ৰখাৰ বাবে এই প্ৰথা এৰাই চলিব লাগিব।” আবেধনখনত লগতে কোৱা হৈছে।

আৱেদনখনে নিৰ্বাচনী চিহ্ন (সংৰক্ষণ আৰু আৱণ্টন) আদেশ 1968-ৰ প্ৰাসঙ্গিক অনুচ্ছেদত এটা অতিৰিক্ত চৰ্ত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশনা জাৰি কৰিবলৈ আহ্বান জনাইছে।

ৰাজ্যিক দল হিচাপে স্বীকৃতিৰ চৰ্তাৱলী সম্পৰ্কে সম্পৰ্কিত এই নিৰ্দেশনা অনুসৰি এটা ৰাজনৈতিক দলে নিৰ্বাচনৰ আগতে ৰাজহুৱা পুঁজিৰ পৰা অযৌক্তিক বিনামূলীয়া সামগ্ৰী বিতৰণৰ প্ৰতিশ্ৰুতি নকৰে।