NORTHEAST NOW (Assamese)

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখতেই হিমন্ত বিশ্ব শর্মাক অসমৰ মুখ্যমন্ত্রী বুলিলে বিটিচিৰ নতুন চীফ প্ৰমোদ বড়োৱে

December 15, 2020 3:23 pm · এন ই নাও নিউজ
Updated: December 15, 2020 6:02 pm

অসমৰ মুখ্যমন্ত্ৰীৰ আসন খনৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মাৰ শেণ চকু পৰি থকা বুলি বিভিন্ন মহলত সময়ে সময়ে চৰ্চা হৈ থকাৰ সময়তে আজি শপতগ্ৰহণ কৰা বিটিচিৰ চীফ প্ৰমোদ বড়োৱে ৰাজহুৱাভাবে হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখমন্ত্ৰী সজাইহে এৰিলে।

আজি কোকৰাঝাৰত অনুষ্ঠিত বিটিচিৰ নতুন পাৰিষদৰ শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখতে প্ৰমোদ বড়োৱে হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী বুলি উল্লেখ কৰি কয়—‘আমি আশা ৰাখিছো যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ উগ্ৰপন্থী সমস্যাৰ সমাধান কৰিব পাৰিব’।

প্ৰমোদ বড়োৰ এনে মন্তব্যত স্বাভাৱিকতে অস্বত্বিত পৰে শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

প্ৰমোদ বড়োই ভুলবশতঃ এনেদৰে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বুলি ক’লে যদিও এই কথাই কেতবোৰ বিশেষ দিশৰ ইংগিত দিয়া বুলি বু বু বা বা চলিছে বিভিন্ন মহলত।

উল্লেখ্যে  য়ুপিপিএ-বিজেপি-জিএছপিৰ সন্মিলিত বিটিচি পৰিষদৰ নতুন মুখ্য কাৰ্যবাহী সদস্য হিচাপে আজি প্ৰমোদ বড়োৱে শপত গ্ৰহণ কৰে।

মংগলবাৰে(আজি) কোকৰাঝাৰ বডোফা নগৰত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত নতুন বিটিচি মুখ্য কাৰ্যাবাহী সদস্য প্ৰমোদ বড়োৰ লগতে উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়েও শপত গ্ৰহণ কৰে।

শপত গ্ৰহণৰ পূৰ্বে নতুন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে বডোফা নগৰস্থিত বডোফা উপেন ব্ৰহ্মৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰাৰ লগতে মাল্যাপৰ্ণ কৰে।

শপত গ্ৰহণ কৰি প্ৰমোদ বড়োৱে ভাষণ প্ৰসংগত কেন্দ্ৰীয় চৰকাৰৰ সৈতে সম্পন্ন হোৱা বিটিআৰ চুক্তিক মানৱতাৰ চুক্তি বুলি অভিহিত কৰে।

আজি শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা, বিজেপিৰ অসম প্ৰদেশৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, প্ৰাক্তন ৰাজ্যসভাৰ সদস্য বিশ্বজিৎ দৈমাৰী, কোকৰাঝাৰৰ লোকসভাৰ সাংসদ তথা গণ সুৰক্ষা পাৰ্টিৰ সভাপতি নৱ কুমাৰ শৰণীয়া আদিয়ে উপস্থিত থাকে।

উল্লেখ্য যে ৪০ খন আসনবিশিষ্ট এইবাৰৰ বিটিচি নিৰ্বাচনত বিপিএফে সৰ্বাধিক ১৭ খন আসন লাভ কৰিলেও ১২ আসন লাভ কৰা য়ুপিপিএল ৯ খন আসন লাভ বিজেপি আৰু ১ খন আসন লাভ কৰা গণ সুৰক্ষা পাৰ্টিৰ সৈতে সন্মিলিতভাৱে বিটিচিৰ নতুন পৰিষদখন গঠন কৰে।

Related News