NORTHEAST NOW (Assamese)

দিল্লীত ‘ইয়ং আইকন অৱ দ্য ইয়েৰ বঁটা’ৰে সন্মানিত স্বৰ্ণশিল্পী উৎপল বণিয়া

April 27, 2019 10:49 pm · এন ই নাও নিউজ
নতুন দিল্লীত কৰিশ্মা কাপুৰৰ পৰা বঁটা গ্ৰহণ কৰিছে স্বৰ্ণশিল্পী উৎপল বণিয়াই। ফটো : নৰ্থইষ্ট নাও

মুম্বাই, কলকাতা, চীনত নিৰ্মিত নকল অসমীয়া গহনাৰ আগ্ৰসন, স্বৰ্ণ উদ্যোগত কেঁচা সোণৰ গহনা নামেৰে বৃহৎ পুঁজিপতিৰ বিনিয়োগ আদি বহু কাৰকে অসমৰ স্বৰ্ণ শিল্পী সকলৰ জীৱনলৈ একপ্ৰকাৰ অস্তিত্ব সংকট নমাই আনিছে। কিন্তু এই অন্ধকাৰৰ মাজত অসমীয়া গহনাৰ ক্ষেত্রত নগাঁওৰ উৎপল বণিয়াই কঢ়িয়াই আনিছে এটাৰ পাছত আনটো সাফল্য।

উদ্যমী স্বৰ্ণ শিল্পী গৰাকীয়ে আজি দিল্লীৰ ৰাজকীয় হোটেল ‘ৰেডিছন ব্লু’ত অনুষ্ঠিত “এছিয়া কোৱালিটি এণ্ড  এন্টাৰপ্ৰিনিউৰশ্বিপ এৱাৰ্ড ২০১৯” অনুষ্ঠানত অংশগ্ৰহণ কৰে। বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী কৰিশ্মা কাপুৰে অংশ গ্ৰহণ কৰা অনুষ্ঠানটোত বণিয়াক “ইয়ং আইকন অৱ দ্যা ইয়েৰ”(জুয়েলাৰী ডিজাইনাৰ শিতানত) সন্মানেৰে সন্মানিত কৰে।

উল্লেখযোগ্য যে ২০১৮ বৰ্ষত ‘ডুগডুগী’ৰ স্বত্ত্বাধিকাৰ উৎপল বণিয়ালৈ “ৱৰ্ল্ড কনফেডাৰশ্যন অৱ বিজনেছ” নামৰ আমেৰিকা টেক্সাছৰ হাউছটৰ সংগঠনটোৱে সন্মানীয় বাণিজ্য বঁটা “দ্যা বিজ এৱাৰ্ড” আগবঢ়াইছিল।

তদুপৰি, বিগত বৰ্ষতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, উপ‌‌ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়ে অংশ গ্ৰহণ কৰা দিল্লীৰ বিজ্ঞান ভৱণত অনুষ্ঠিত নিউ ইণ্ডিয়া কনক্লেভত ৰাজ্যিক গ্ৰাম্য উদ্যোগী ,বাংগালোৰত ইণ্ডিয়ান এচিভাৰ্ছ এৱাৰ্ড সন্মানেৰ সন্মানিত হৈছিল স্বৰ্ণ শিল্পীগৰাকী।

আনহাতে, চাৰিখনকৈ গ্ৰন্থ লিখি সাহিত্য জগততো উৎপল বণিয়াই নিজৰ নাম উজলাই ৰাখিছে আৰু সামাজিক ও সাংস্কৃতিক কৰ্মী হিচাপে নগাঁওত জনপ্ৰিয়তাৰ শিখৰত আছে ৷

উৎপলে সংবাদ মাধ্যমক জনোৱা মতে, ৰাজ্যত আৰম্ভ হোৱা এনে এক বিপ্লৱৰ মাজতে অসমৰ চৌদিশে মুম্বাই, কলকাতা, চীনত নিৰ্মিত নকল অসমীয়া গহনাই ভৰি পৰিছে।

তদুপৰি, অসমীয়া গহনাক  ডুপ্লিকেট কেঁচা সোণ নাম দি দুষ্ট চক্ৰ ব্যৱসায়ীয়ে  বিভিন্ন বিপনী খোলাৰ উপৰিও ছচিয়েল মিডিয়াত চেইন চিষ্টেম ব্যৱসায় আৰম্ভ কৰিছে। ইয়াৰ ফলত অসমীয়া গহনা প্ৰস্তুত কৰা নগাঁওৰ ৰণথলি, বৰপেটা, যোৰহাটৰ থলুৱা ব্যৱসায়ীসকল সমস্যাৰ সন্মুখীন হোৱাৰ লগতে অস্তিত্বৰ সংকটত ভূগিছে।

Related News