স্মাৰ্টফোনৰ আসক্তিৰ পৰা আপোনাৰ শিশুটিক ৰক্ষা কৰক

আজিকালিৰ শিশুৰ চকু বেছিভাগ সময় কিবা নহয় কিবা এখন ডিজিটেল স্ক্ৰীণতে থাকে। কেতিয়াবা যদি টেলিভিছনৰ পৰ্দা, কেতিয়াবা আকৌ মোবাইল বা লেপটপৰ লগত ব্যস্ত থাকে শিশু সকল।

এই স্মাৰ্ট ডিভাইচসমূহৰ অবিৰত ব্যৱহাৰৰ বাবে শিশুসকল এই ডিভাইছবোৰৰ প্ৰতি আসক্ত হৈ পৰে। ইয়াৰ বাবে অভিভাৱকসকলো দায়ী। তেওঁলোকৰ ব্যস্ততাৰ সময়ত হয়তো তেওঁলোকে চিন্তা নকৰাকৈয়ে ল’ৰাছোৱালীকেইটাক স্মাৰ্টফোনটো তুলি দিয়ে।

দিনক দিনে সেই মবাইলটো শিশুচামৰ বন্ধু হৈ পৰিছে। স্মাৰ্টফোন অবিহনে যেন জীয়াই থাকিব নোৱাৰা হৈছে কণমাণি শিশুসকল।

সেয়েহে, অভিভাৱক সকলে ব্যৱস্থা লওক যাতে আপোনাৰ শিশুটিয়ে স্মাৰ্ট ফোনৰ প্ৰতি আসক্ত হৈ শাৰীৰিক আৰু মানসিকভাবে দুৰ্বল হোৱাৰ লগতে সোণালী শৈশৱটো হেৰুৱাব লগা নহয়।

আগতীয়াকৈ ব্যৱস্থা লওক

শিশুক স্মাৰ্ট ডিভাইচৰ নিচাৰ পৰা আঁতৰাই ৰাখিবলৈ আৰম্ভণিৰে পৰা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যদি শিশুটিয়ে খাবলৈ মন নাযায় বা কোনো কাম কৰিবলৈ মন নাযায় তেন্তে নিচুকাবলৈ হঠাতে স্মাৰ্টফোনটো গতাই নিদিব। বৰঞ্চ তেওঁলোকক সময় দিয়ক, বুজাই দিয়ক আৰু কামটো কৰিবলৈ চেষ্টা কৰক।

কথা পাতক

নিজৰ ব্যস্ততাৰ বাবে সন্তানক স্মাৰ্টফোন নিদিব। যিমানেই ব্যস্ত নাথাকক কিয়, সময় উলিয়াই শিশুটিৰ লগত কথা পাতিবলৈ চেষ্টা কৰক।  ই আপোনাৰ লগত আপোনাৰ সন্তানৰ মৰম বৃদ্ধি কৰিব

স্মাৰ্টফোনটো হাতেৰে ঢুকি নোপোৱা স্থানত ৰাখক

স্মাৰ্টফোনটো শিশুটিয়ে হাতেৰে ঢুকি নোপোৱা স্থানত ৰাখক। বহু সময়ত শিশুটিয়ে আপোনাৰ সহায় অবিহনে স্মাৰ্টফোন ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। গতিকে শিশুৰ পৰা ফোন দূৰৈত ৰাখক।

উপহাৰ হিচাপে স্মাৰ্টফোন নহয়

বহু অভিভাৱকে নিজৰ সন্তানক কিবা এটা কৰিবলৈ প্ৰৰোচনা হিচাপে এটা স্মাৰ্টফোন দিব বিচাৰে। ইয়াৰ ফলত শিশুৱে নিজৰ কামত মনোনিৱেশ কৰে যদিও ভৱিষ্যতে শিশুৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে। এবাৰ উপহাৰ হিচাপে স্মাৰ্ট ডিভাইচ এটা পালে পিছলৈ যিকোনো কামৰ বাবে উপহাৰ হিচাপে এনে ডিভাইচ আশা কৰিব। তেনে ক্ষেত্ৰত উপহাৰ যদি তেওঁৰ পছন্দৰ নহয় তেন্তে শিশুটি হতাশ হ’ব পাৰে।

সময় নিৰ্ধাৰণ কৰক

এই সময়ত শিশুসকলক প্ৰযুক্তিৰ পৰা আঁতৰাই ৰখাটো বাস্তৱিক নহয়। দক্ষতা বিকাশৰ বাবে শিশুসকলক স্মাৰ্ট ডিভাইচৰ সৈতে পৰিচয় কৰাই দিব লাগে। কাৰ্টুন চোৱা, খেল খেলাটো শিশুৰ অতি স্বাভাৱিক প্ৰৱণতা। সেই ক্ষেত্ৰত তেওঁক প্ৰতিটো কামৰ বাবে এটা সময়সীমা দিয়ক। সময়ৰ শেষত তেওঁক বুজাই দি যন্ত্ৰটো আঁতৰাই নিয়ক। 

এটা উদাহৰণ তৈয়াৰ কৰক

শিশুৱে পিতৃমাতৃকে ধৰি চৌপাশৰ মানুহৰ পৰা শিকে। পিতৃমাতৃৰ স্মাৰ্টফোনৰ নিচা শিশুলৈও বিয়পিব পাৰে। গতিকে শিশুৰ সন্মুখত প্ৰয়োজন নহ’লে স্মাৰ্টফোন ব্যৱহাৰ নকৰিব।