NORTHEAST NOW (Assamese)

ইন্ধনৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত অভিনৱ প্ৰতিবাদ

October 11, 2021 9:16 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 11, 2021 9:18 pm

মহানগৰীৰ ৰাজপথত আজি দেখা গ’ল এক অভিনৱ প্ৰতিবাদ।

অসম বিজেপিৰ সভাপতি তথা বিধায়ক ভবেশ কলিতাই অত্যাধিক ইন্ধনৰ মূল্য বৃদ্ধিৰ পৰা হাত সাৰিবলৈ ৰাইজক দিয়া বিশেষ ‘পৰামৰ্শ’-কে সাৰোগত কৰি গুৱাহাটীৰ ৰাজপথত আজি এক প্ৰতীকী প্ৰতিবাদত নামে কিছুসংখ্যক লোক।

প্ৰতিবাদত ভাগ লোৱা যুৱক-যুৱতীৰ এটা দলে দুজনৰ পৰিৱৰ্তে তিনিজন আৰোহীৰে বাইক চলোৱা দেখা গ’ল। সমদলৰ সময়ত বাইক আৰোহীসকলে বিজেপি সভাপতিগৰাকীক ‘ভবেশ কলিতাক ধন্যবাদ’ বুলিও উপহাস কৰে।

আনহাতে বিভিন্নজনে কলিতাই দিয়া মন্তব্যক গৰিহণা দি অভিযোগ কৰে যে শাসকীয় দলৰ মানৱ জীৱনৰ প্ৰতি কোনো সন্মান নাই। “তেওঁলোকৰ মানৱ জীৱনৰ প্ৰতি সন্মানৰ অভাৱ। সেয়েহে তেওঁলোকে এনে পৰামৰ্শ দিব পাৰে।” এজন প্ৰতিবাদকাৰীয়ে সংবাদ মাধ্যমক কয়।

উল্লেখ্য যে দেওবাৰে ৰাজ্যিক বিজেপিৰ সভাপতিজনে মন্তব্য কৰিছিল যে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ পৰা ৰক্ষা পাবলৈ মানুহে বাইকত ৩ জনে যাত্ৰা কৰিব লাগে আৰু ইন্ধন ব্যয় পৰিহাৰ কৰিবলৈ চাইকেল ব্যৱহাৰ কৰিব লাগে। তেওঁৰ বক্তব্যই ৰাজ্যখনৰ জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে।

দেওবাৰে গুৱাহাটীত পেট্ৰ’লৰ মূল্য ১০০ টকাৰ সীমা অতিক্ৰম কৰে। অসমৰ আন কেইবাখনো জিলাত ইতিমধ্যে পেট্ৰ’লৰ মূল্যই শতিকৰ সীমা অতিক্ৰম কৰিছে। তদুপৰি, শনিবাৰে ডিজেলৰ মূল্যও ৩৭ পইচা বৃদ্ধি কৰা হয়।

শেহতীয়াকৈ সমগ্ৰ ভাৰতত এই সপ্তাহত দশমবাৰৰ বাবে ইন্ধনৰ মূল্য বৃদ্ধি হৈছে। আনহাতে ২৪ ছেপ্টেম্বৰৰ পৰা ইতিমধ্যে মূল্য ১৩ বাৰ বৃদ্ধি কৰা হৈছে।

Related News