চৰকাৰে উত্তৰ-পূব গ্ৰন্থমেলা বন্ধ কৰাৰ প্ৰতিবাদত বৰপেটাত অৱস্থান ধৰ্মঘট : একেখন মঞ্চত আছু-আমছু- কৃষক মুক্তি

protest for bookfair.docx photo

বৰপেটা প্ৰেছ ক্লাৱৰ সন্মুখত চৰকাৰে উত্তৰ-পূব গ্ৰন্থমেলা বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত। ফটো : নৰ্থইষ্ট নাও

সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই বছৰ বছৰ ধৰি অনুষ্ঠিত কৰি অহা উত্তৰ পূব গ্ৰন্থমেলাখনক চৰকাৰে ষড়যন্ত্ৰমূলকভাবে বন্ধ কৰাৰ প্ৰতিবাদত আজি বৰপেটা চহৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

ধৰ্মঘটত অংশগ্ৰহণ কৰা শিল্পী, সাহিত্যিক তথা ছাত্ৰ সংগঠনে চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিবাদ জনায় আৰু উত্তৰ-পূব গ্ৰন্থমেলা যথাসময়ত যথা স্থানত অনুষ্ঠিত কৰাৰ বাবে চৰকাৰক দাবী জনায় ৷

বৰপেটা প্ৰেছ ক্লাৱ প্ৰাংগনত দিনৰ ১১বজাৰ পৰা ১২:৩০বজালৈ অনুষ্ঠিত এই ধৰ্মঘটত বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, সত্ৰীয়া শিল্পী গুণীন্দ্ৰ নাথ ওজা, আছুৰ উপ সভাপতি প্ৰদীপ দাস, আমছুৰ সাংস্কৃতিক সম্পাদক মণিৰুজ জামান, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সম্পাদক কাজি নাজিমুল হকৰ লগতে বৰপেটা সাহিত্য সভা,বৰপেটা  লেখিকা সমাৰোহ, বৰপেটা গ্ৰন্থ মেলা, বৰপেটা ফেচবুক ফ’ৰাম, বৰপেটা প্ৰেছ ক্লাৱৰ লগতে কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷

আনহাতে, সাংবাদিক অশোক কুমাৰ দাসৰ বিশেষ প্ৰচেষ্টাত অনুষ্ঠিত এই  ধৰ্মঘটস্থলীত এক প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷ সাংবাদিক মহানন্দ ওজাই আঁত ধৰা এই প্ৰতিবাদী সভাখনত শিল্পী, সাহিত্যিক, ছাত্ৰ সংগঠকসকলে চৰকাৰে উত্তৰ- পূব গ্ৰন্থ মেলা বন্ধ কৰাৰ সিদ্ধান্তৰ প্ৰতিবাদ জনায় ৷ ধৰ্মঘটৰ অন্তত মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷