টীয়কৰ কাকজানত মাইক্ৰ’ফাইনেন্সৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতি, সন্মিলিত নাৰী অধিকাৰ সংগ্ৰাম সমিতি,মাইক্ৰফাইনেন্স শোষণ বিৰোধী সংগ্ৰামী মঞ্চ তথা বিভিন্ন দল সংগঠন আৰু ৰাইজৰ সহযোগত আজি টীয়কৰ কাকজানস্থিত কলা কৃষ্টি কেন্দ্ৰত এখনি মহাগৰ্জন সভা অনুস্থিত কৰা হয়।

সভাৰ প্ৰাকক্ষণত উপস্থিত পুৰুষ-মহিলা সকলোৱে কাকজানৰ পৰা লাহদৈগড় পৰ্যন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত মাইক্ৰফাইনেন্স বন্ধ কৰক, আমাক ৰক্ষা কৰক, নহ’লে আমাক মাৰি পেলাওক, কা বাতিল কৰক, ভূমি আধ্যাদেশ আইন-২০২০ বাতিল কৰক, চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰক, কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়ক আদি শ্ল’গান দি এক প্ৰতিবাদবাদী সমদল বাহিৰ কৰে।

কৃষক, শ্ৰমিক আৰু মহিলা সকলৰ উপস্থিতিত অনুষ্ঠিত এই সভাত অতি সোনকালে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীসমূহ পুৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে অন্যথা অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়া হয়।