• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধায়ক ভাস্কৰ শৰ্মা মুৰ্দাবাদ ধ্বনিৰে পুনৰ উত্তাল মাৰ্ঘেৰিটা

নামদাং নামটক পথ নিৰ্মাণৰ দাবীত পথ অৱৰোধ, স্মাৰক পত্ৰ প্ৰদান

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
November 7, 2020 5:43 pm
Screenshot_20201107_172256
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাস্কৰ শৰ্মা মুৰ্দাবাদ ধ্বনিৰে পুনৰ আজি উত্তাল হ’ল মাৰ্ঘেৰিটা নগৰৰ উপকণ্ঠ নামদাং নামটক পথ।

আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে যেন পৰিস্ফুত হৈছে মাৰ্ঘেৰিটা সমষ্টিৰ উন্নয়নৰ নামত প্ৰৱঞ্চনাৰ ছবিখন। বিগত সময়ছোৱাত সমষ্টিটোৰ বিধায়ক ভাস্কৰ শৰ্মাই সমষ্টিবাসীক দিলে কেৱল প্ৰতিশ্ৰুতি আৰু প্ৰৱঞ্চনা।

এই অভিযোগ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ।  আদিবাসী ছাত্ৰ সন্থাই কালি এঘণ্টীয়া পথ অৱৰোধৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল মাৰ্ঘেৰিটাৰ কুমাৰপট্টী গাওঁ পঞ্চায়ত ৮ নং ৱাৰ্ডৰ নামদাং চাহ বাগিচাৰ ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ নামদাং -নামটক পথছোৱা নিৰ্মাণৰ দাবীত।

আজি পুনৰ সংগঠনটোৱে আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু নামদাং আৰু  নামটক বাসী ৰাইজৰ সহযোগত নামদাং নামটক পথ অৱৰোধ কাৰ্য্যসূচী ৰূপায়ণেৰ লগতে ভাস্কৰ শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰে।

স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিল, কংগ্ৰেছে এই পথ নিৰ্মাণ নকৰিলে মোক ভোট দিয়ক মই এই পথ নিৰ্মাণ কৰি দিম। কিন্তু পাঁচ বছৰ উকলি যাবলৈ হল আজি পৰ্য্যন্ত নিৰ্মাণ নহল এই পথ। যাৰ ফলত নামদাং চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰী, গৰ্ভৱতী মহিলা সৰ্বসাধাৰণ ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে।

আজিৰ প্ৰতিবাদস্থলীত মাৰ্ঘেৰিটা মহকুমা দণ্ডাধীশৰ উপস্থিত হৈ অহা সপ্তাহৰ ভিতৰত মহকুমাধিপতিৰ কাৰ্যালয়ত আছাৰ নেতৃত্ব তথা পথ নিৰ্মাণকাৰী বিভাগৰে এখন আলোচনা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে।

অন্যহাতে আছাৰ তৰফৰ পৰাও পথ নিৰ্মাণৰ দাবীত মহকুমাধিপতিলৈ দণ্ডাধীশৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। আজিৰ প্ৰতিবাদস্থলীত অৰুণাচল প্ৰদেশৰ নামটক অঞ্চলৰ পুৰুষ মহিলা সকলেও অংশগ্ৰহণ কৰি কয় যে অসম অৰুণাচল সংযোগী এই পথ নিৰ্মাণৰ ক্ষীপ্ৰ ব্যৱস্থা মাৰ্ঘেৰিটা বিধায়কে গ্ৰহণ কৰিব লাগে অন্যথা অৰুণাচল মাজেৰে নামটক অঞ্চলৰ পৰা অহা কেঁচা চাহ পাত যি সমূহ গাড়ী আহে সেই সমূহ অহা বন্ধ কৰি দিবলৈ বাধ্য হ’ব নামটকবাসী ৰাইজ।

আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি জাৰ্নেল মিঞ্জে স্থানীয় বিধায়কক সকীয়নী প্ৰদান কৰি কয় যে ২০২০ বৰ্ষৰ ভিতৰত পথ নিৰ্মাণৰ সেউজ সংকেত যদি লাভ নকৰে তেনেহ’লে আগন্তুক বিধান সভা নিৰ্বাচনত বিজেপিক যোগ্য প্ৰত্ত্যুত্তৰ দিব আছাই।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd