লাভজনক গেলেকী তৈলক্ষেত্ৰ বিদেশী কোম্পানিক গতোৱাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে দল-সংগঠনৰ প্ৰতিবাদ

Geleki ONGC

গেলেকী তৈলক্ষেত্ৰ ব্যক্তিগত কোম্পানিক গতোৱাৰ বিৰুদ্ধে প্ৰতিবাদ। ২১ মে'ত, নাজিৰাত।

শিৱসাগৰৰ অ’ এন জি চিৰ লাভজনক তৈলক্ষেত্ৰ গেলেকী তৈলক্ষেত্ৰ বিদেশী কোম্পানি শ্লাম বাৰ্জাৰক গতোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে পৃথকে পৃথকে  তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আছু আৰু পূৰ্বাঞ্চল এমপ্লইজ এছ’চিয়েশ্যনে।

সদৌ অসম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিয়ে মঙলবাৰে দিনৰ ১১.৩০ বজাত অ’ এন জি চি অসম সম্পদ, নাজিৰাৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। জিলাখনৰ কেইবা শতাধিক আছুকৰ্মীয়ে  নাজিৰাস্থিত অ’ এন জি চিৰ কাৰ্য্যবাহী সঞ্চালকৰ কাৰ্য্যালয়ৰ সন্মুখত বিভিন্ন শ্ল’গান দিয়ে। প্ৰথম অৱস্থাত অ’ এন জি চিৰ বিষয়া এগৰাকী আহি আছুৰ দাবীপত্ৰ গ্ৰহণ কৰিব বিচাৰে যদিও আছুৰ নেতা-কৰ্মীৰ তীব্ৰ প্ৰতিবাদত সেও মানি অ’ এন জি চিৰ অসম সম্পদৰ কাৰ্য্যবাহী সঞ্চালকগৰাকী আহি প্ৰতিবাদী আছু কৰ্মীসকলৰ পৰা দাবী পত্ৰ গ্ৰহণ কৰে।

দাবীপত্ৰত আছুৱে, স্পষ্টভাৱে কয় যে, শিৱসাগৰ জিলাৰ গেলেকী তৈলক্ষেত্ৰ অ’ এন জি চিৰ অসম সম্পদৰ অধীনৰ সৰ্বাধিক লাভজনক আৰু উৎপাদনক্ষম তৈলক্ষেত্ৰ। শেহতীয়াকৈ এই তৈলক্ষেত্ৰখন উৎপাদন বৃদ্ধি চুক্তিৰ অধীনত মাৰ্কিন প্ৰতিষ্ঠান শ্লাম বাৰ্জাৰক হস্তান্তৰ কৰিবলৈ ওলোৱাটো কোনো, কাৰণতে গ্ৰহণযোগ্য নহয়। এইখন তৈলক্ষেত্ৰৰ পৰা অসম সম্পদৰ সৰ্বমুঠ উৎপাদনৰ পঞ্চাশ শতাংশতকৈও অধিক খাৰুৱা তেলৰ উৎপাদন আহে। গেলেকীৰ এই তৈলক্ষেত্ৰই অ’ এন জি চিয়ে বৰ্তমান উৎপাদন কৰি থকা খাৰুৱাতেলৰ পৰিমাণতকৈ আৰু অধিক পৰিমাণৰ তেল উৎপাদন কৰিব পাৰিব বুলি এক সমীক্ষাৰ যোগেদি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰ্যালয় অৱগত। পৰৱৰ্তী সময়ত প্ৰায় ২৬২ কোটি টকা ব্যয় সপেক্ষে গেলেকীৰ তৈলক্ষেত্ৰৰ উন্নয়ন সাধন কৰি বৰ্তমান ৰহস্যজনক কাৰণত এই তৈলক্ষেত্ৰখন বিদেশী প্ৰতিষ্ঠানক হস্তান্তৰ কৰিব বিচাৰিছে।

সদৌ অসম ছাত্ৰ সন্থাই লগতে দাবী কৰে যে শ্লাম বৰ্জাৰৰ লগত হোৱা চুক্তি বাতিল কৰি অ’ এন জি চিয়ে নিজা উদ্যোগ গ্ৰহণ কৰি এই তৈলক্ষেত্ৰৰ পৰা উৎপাদন অব্যাহত ৰাখক।

আছুৰ প্ৰতিবাদী কাৰ্যসূচীত কেন্দ্ৰীয় শিক্ষা সম্পাদক শৰৎ হাজৰিকা, জিলা ছাত্ৰ সন্থাৰ সমীৰণ ফুকন, দীপাংকৰ শইকীয়া, মানৱজ্যোতি কলিতাকে ধৰি বহু নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰে।

আছুৰ প্ৰতিবাদৰ সমান্তৰালকৈ অ’ এন জি চি শিৱসাগৰৰ ডিবিজিৰ সন্মুখত পূৰ্বাঞ্চল এমপ্লইজ এছ’চিয়েশ্যনে অৱস্থান ধৰ্মঘটৰ কাৰ্য্যসূচী ৰূপায়ণ কৰে।

সংগঠনটোৱে গেলেকীৰ তৈলক্ষেত্ৰ বিদেশী কোম্পানি শ্লাম বৰ্জাৰক গতাবলৈ লোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। ২১ মে’ৰ দিনাও কেইবা শতাধিক কৰ্মীয়ে অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।