• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চেমখৰ বিতৰ্কই জোকাৰিছে ৰাজ্য: আইমী বৰুৱাৰ বিৰুদ্ধে সমগ্ৰ ডিমাছা জনজাতিক অপমানৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 29, 2022 9:22 pm
Semkhor
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ পাহাৰীয়া জনজাতিসকলে জঘন্য পৰম্পৰা লোকাচাৰ মানি আহিছে! অসমৰ পাহাৰীয়া জনজাতিসকলৰ নাৰীয়ে পুৰুষৰ পৰা লাঞ্চনা গঞ্জনা সহি আহিছে! পাহাৰীয়া জনজাতি সমাজত নাৰীয়ে কিঞ্চিতো অধিকাৰ লাভ কৰি অহা নাই! পাহাৰীয়া জনজাতিসকলৰ সংস্কৃতিয়ে সঁচাকৈ জঘন্য লোকাচাৰ বহন কৰে!

তেওঁলোকে উন্নয়ন নিবিচাৰে! তেওঁলোকে নৱজাতিকা কন্যা সন্তানক হত্যা কৰে! তেওঁলোক অতি জঘন্য আৰু বৰ্বৰ! ভুল নুবুজিব এয়া আমাৰ বক্তব্য নহয়, আঁৰৰ কথা জানিবলৈ চাওক আমাৰ আজিৰ এই বিশেষ প্ৰতিবেদন-

যোৱা কিছুদিন ধৰি সামাজিক মাধ্যমত এটা বিষয়ে বিশেষভাৱে চৰ্চা কৰিছে এটা বিশেষ বিষয়ে। বিষয়টো হৈছে চেমখৰ। চেমখৰ হৈছে অসমৰ ছুইজাৰলেণ্ড খ্যাত ডিমা হাছাও জিলাৰ মাইবং মহকুমা আৰু খণ্ডৰ এখন ডিমাছা গাঁও। ডিমাছাসকলৰ ছেমাছ উপজাতিৰ এখন গাঁও চেমখৰ। চেমখৰলৈ মাইমং মহকুমাৰ পৰা দূৰত্ব হৈছে ৩০ কিলোমিটাৰ। জিলা সদৰ হাফলঙৰ পৰা এই চেমখৰলৈ দূৰত্ব হৈছে প্ৰায় ৮২ কিলোমিটাৰ। যিকোনো যাতায়াতৰ বাবে গাঁওখনৰ লোকে ১০ কিলোমিটাৰ অধিক দূৰত্ব খোজকাঢ়িব লাগে। অৰ্থাৎ একবিংশ শতিকাটো চেমখৰ সঁচা অৰ্থতেই আধুনিকতাৰ অসূৰ্যস্পৰ্শা এখন পাহাৰীয়া জনজাতীয় গাঁও। 

১২০ হেক্টৰ ভৌগোলিক ব্যাসাৰ্ধৰ এই চেমখৰৰ জনসংখ্যা ৫০০ গৰাকীতকৈ কম। ২০১১ বৰ্ষৰ লোকপিয়লৰ তথ্য অনুসৰি চেমখৰৰ জনসংখ্যা হৈছে মাত্ৰ ৪৩১ গৰাকী। ইয়াৰে ২১৯ গৰাকী পুৰুষ হোৱাৰ বিপৰীতে মহিলাৰ সংখ্যা ২১২ গৰাকী। গাঁওখনৰ লোকসকল প্ৰায়ে নিৰক্ষৰ বুলিবই পাৰি। লোকপিয়লৰ তথ্য অনুসৰি গাঁওখনৰ স্বাক্ষৰতা হাৰ হৈছে মাত্ৰ ৭.১৯ শতাংশ। তাৰ মাজৰ ১২.৭৯ শতাংশ পুৰুষৰ বিপৰীতে মহিলাৰ স্বাক্ষৰতাৰ হাৰ হৈছে ১.৪২ শতাংশ।

ভৈয়ামৰ তুলনাত তেনেই ক্ষুদ্ৰ এই পাহাৰীয়া গাঁওখনে সামাজিক মাধ্যমত এতিয়া চৰ্চাৰ শীর্ষত আছে। কিয় শীৰ্ষত আছে সেই বিষয়ে নতুনকৈ কোৱাৰ হয়তো প্ৰয়োজন নাই। গাঁওখনকৈ লৈ কৰা এখন চলচ্চিত্ৰৰ বাবেই এই গাঁওখনো এইবাৰ চৰ্চালৈ আহিছে। ডিমাছা লোকৰ দাবী যে চেমখৰ নামৰ নিৰ্মিত ছবিখনে কেৱল গাঁওখনকে নহয়, সমগ্ৰ খিলঞ্জীয়া ডিমাছা জনজাতিক বিশ্বৰ আগত ভুলকৈ প্ৰতিষ্ঠা কৰা হৈছে। তেওঁলোকৰ অভিযোগ যে ছবিখনে ডিমাছা জনগোষ্ঠীক বৰ্বৰ জাতি হিচাপে বিশ্ববাসীৰ আগত তুলি ধৰা হৈছে। যাৰ ফলত বিতৰ্কত সাঙুৰ খাই পৰিছে চেমখৰ নামৰ এই ছবিখন।

চেমখৰ ছবিখন পৰিচালনা কৰিছে অসমৰ এগৰাকী অভিনেত্ৰী আইমী বৰুৱাই। মন্ত্ৰী পীয়ুষ হাজৰিকাৰ পত্নী আইমী বৰুৱাৰ এইখন প্ৰথম পৰিচালিত ছবি। ছবিখনে মুক্তিৰ পূৰ্বে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে কে’বাটা বঁটাও লাভ কৰিছে। ইয়াৰ পাছতে অসমত ছবিখনৰ মুক্তিৰ দিন ঘোষণা কৰি প্ৰিমিয়াৰ শ্ব’ও প্ৰদৰ্শন কৰা হয়। এই শ্ব’ দৰ্শন কৰা অধিকাংশ অসমীয়া জাত্যভিমানী অসমীয়াই চলচ্চিত্ৰখনক ভূয়সী প্ৰশংসা কৰে। আনকি এগৰাকী জ্যেষ্ঠ সাংবাদিকে চেমখৰক পুৰুষতন্ত্ৰৰ বিৰুদ্ধে আদিম প্ৰতিবাদ বুলিও অভিহিত কৰিলে।

সিমানলৈকে চেমখৰ ছবিখনকলৈ বিতৰ্কৰ সূত্ৰপাত হোৱা নাছিল। কিন্তু বিতৰ্কৰ সূত্ৰপাত তেতিয়াই হ’ল যেতিয়া পৰিচালকগৰাকীয়ে ছবিখনৰ কাহিনী বিষয়ে সংবাদ মাধ্যমত সদৰী কৰা এক ভিডিঅ’ ভাইৰেল হয়। পৰিচালক আইমী বৰুৱাই কয় ছেমচাসকলৰ মাজত চূড়ান্ত লিংগ বৈষম্যৰ থকাই নহয় তেওঁলোকৰ মাজত বিভিন্ন বৰ্বৰ তথা জঘন্য লোকাচাৰো প্ৰচলিত আছে। কন্যা নৱজাতিকা সন্তানক হত্যা কৰা হয়। নাৰীক অকথ্য নিৰ্যাতন চলোৱা হয়। নাৰীক একমাত্ৰ পজনন যন্ত্ৰ হিচাপেহে ব্যৱহাৰ কৰে ছেমচাসকলে।

তেওঁৰ মতে জনগোষ্ঠীটোৰ মানুহখিনিয়ে উন্নয়ন নিবিচাৰে। আনকি ছেমচাকসকলে মাজে মাজে পথ কাটি বিচ্ছিন্ন কৰি দিয়ে, স্কুল, চিকিৎসালয় লোকসকলে নিজে ধ্বংস কৰে, বুলি প্ৰকাশ কৰিছে। পৰিচালক আইমী বৰুৱাই স্পষ্টভাৱে কয় যে ছবিখন ফিকচন নহয়, ইয়াৰ কাহিনী সত্য ঘটনাৰ ওপৰত আধাৰিত।

ইয়াৰ পাছতে ডিমাছা লোকসকলে আইমী বৰুৱাই চেমখৰত ডিমাছাসকলৰ সংস্কৃতিক Cultural Appropriation আৰু Misrepresentationৰ অতি গুৰুতৰ অভিযোগ তোলে। তেওঁলোকে দাবী কৰে যে আইমী বৰুৱাই ইয়াৰ বাবে ডিমাছাসকলৰ ওচৰত ক্ষমা খুজিব লাগে। এই গুৰুতৰ অভিযোগৰ এতিয়াও কোনো প্ৰত্যুত্তৰ দিয়া নাই পৰিচালক আইমী বৰুৱাই।

ডিমাছা লোকসকলে এই গুৰুতৰ অভিযোগ কৰাৰ পাছতে কাৰ্যতঃ ছবিখনৰ বিতৰ্কক লৈ দুটা ফৈদৰ সৃষ্টি হৈছে। অৱশ্যে দুয়োটা ফৈদে প্ৰত্যক্ষভাৱে বিতৰ্কত অংশগ্ৰহণ কৰা নাই যদিও নিজৰ নিজৰ মত স্পষ্টভাৱে প্ৰকাশ কৰিছে। ডিমাছাসকলক বিশ্বৰ সন্মুখত ভুলকৈ প্ৰতিষ্ঠা কৰাৰ পৰিচালক আইমী বৰুৱাক জবাবদিহি কৰিবলৈ বিচাৰিছে এটা ফৈদে।

তেওঁলোকে সামাজিক মাধ্যমত ডিমাছা বুলিয়েই নহয় অসমৰ খিলঞ্জীয়া বিশেষকৈ জনজাতিসকলক পুনৰ সাংস্কৃতিকভাৱে আক্ৰমণ কৰা বুলি অভিহিত কৰিব খুজিছে। আনহাতে আনটো চামে আইমী বৰুৱাৰ ছবিখনক এখন ক্লাছিক ছবি আৰু অসূৰ্যস্পৰ্শা এখন দেশত চলি থকা জঘন্য পৰম্পৰাক উন্মোচিত কৰা বুলি কৈ আইমী বৰুৱাক চাব্বাছো দিছে।

এতিয়া প্ৰশ্ন হ’ল ডিমাছাসহ জনজাতিসকল সঁচাই বৰ্বৰ নেকি? ডিমাছাসহ জনজাতিসকলৰ চূড়ান্ত পুৰুষতান্ত্ৰিক ব্যৱস্থা এটা বৰ্তি আছে নেকি? ডিমাছাসহ জনজাতিসকল সঁচাকৈ পৰম্পৰাৰ নামত জঘন্য ৰীতি নীতি পালন কৰি আহিছে নেকি? ডিমাছাসহ জনজাতিসকলে সঁচাকৈ উন্নয়ন নিবিচাৰে নেকি? ইতিহাসে কিন্তু কি কয়? আইমী বৰুৱাক কৰা এইবোৰ প্ৰশ্নৰ উত্তৰ আইমী বৰুৱাই দিয়া নাই কিয়? এই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ আইমী বৰুৱাই ভয় কৰিছে নেকি? পলয়ানবাদী মনোভাৱ লৈছে নেকি আইমী বৰুৱাই? নে শংকিত হৈ এই অভিযোগৰ কোনো উত্তৰ দিয়া নাই পৰিচালকগৰাকীয়ে?

আইমী বৰুৱাই ডিমাছা জনজাতিক এইদৰে বৰ্বৰ, জঘন্য, নাৰী নিৰ্যাতনকাৰী বুলি প্ৰতিষ্ঠা কৰি নিজৰ নাম, যশস্যা, প্ৰসিদ্ধি প্ৰতিষ্ঠা কৰিবলৈ পৰিকল্পিতভাৱে চেমখৰ নিৰ্মাণ কৰা নাইতো? আইমী বৰুৱাই নিজক পৰিচালক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আইমী বৰুৱাই এটা নিমাখিত শান্ত জনজাতিক জখলা হিচাপে ব্যৱহাৰ কৰা নাইতো?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

August 28, 2025 12:31 pm
ভাৰতীয় সেনাৰ বৃহৎ সফলতা: জম্মু-কাশ্মীৰত সেনাৰ প্ৰতি আক্ৰমণত নিহত ২ সন্ত্ৰাসবাদী

ভাৰতীয় সেনাৰ বৃহৎ সফলতা: জম্মু-কাশ্মীৰত সেনাৰ প্ৰতি আক্ৰমণত নিহত ২ সন্ত্ৰাসবাদী

August 28, 2025 12:08 pm
NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

August 28, 2025 11:17 am
নয়ডাত ডিজিটেল গ্ৰেপ্তাৰ এটা পৰিয়ালক! ৩ কোটি টকা সৰকালে প্ৰৱঞ্চকে

নয়ডাত ডিজিটেল গ্ৰেপ্তাৰ এটা পৰিয়ালক! ৩ কোটি টকা সৰকালে প্ৰৱঞ্চকে

August 28, 2025 10:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

August 28, 2025 12:31 pm
ভাৰতীয় সেনাৰ বৃহৎ সফলতা: জম্মু-কাশ্মীৰত সেনাৰ প্ৰতি আক্ৰমণত নিহত ২ সন্ত্ৰাসবাদী

ভাৰতীয় সেনাৰ বৃহৎ সফলতা: জম্মু-কাশ্মীৰত সেনাৰ প্ৰতি আক্ৰমণত নিহত ২ সন্ত্ৰাসবাদী

August 28, 2025 12:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd