NORTHEAST NOW (Assamese)

চামগুৰিত নিলম্বিত প্ৰধান শিক্ষকে পুনৰ বিদ্যালয়ত যোগদান কৰিবলৈ অহাত উত্তপ্ত পৰিস্থিতি

July 5, 2019 6:22 pm · ভাৰ্গব হাজৰিকা

নগাঁও জিলাৰ চামগুৰিৰ লাওখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এজন বিতৰ্কিত প্রধান শিক্ষকে যোগদান কৰিবলৈ যোৱাত বিদ্যালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

আজি দুপৰীয়া বিদ্যালয়খনত এগৰাকী নিলম্বিত প্ৰধান শিক্ষকে পুনৰ যোগদান কৰিবলৈ অহাৰ সময়তে স্থানীয় ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল।

উল্লেখযোগ্য যে মধ্যাহ্ন ভোজনৰ চাউল চুৰি, বিভিন্ন দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগত কেইমাহমানৰ পূৰ্বে নিলম্বিত হৈছিল বিদ্যালয়খনৰ প্ৰধান শিক্ষক লীনকান্ত বিশ্বাস।

কিন্তু আজি পুনৰ বিতৰ্কিত প্ৰধান শিক্ষকগৰাকীয়ে একাংশ লোকৰ সৈতে গোপন মিতিৰালি কৰি বিদ্যালয়খনত যোগদান কৰিবলৈ অহাক কেন্দ্ৰ কৰি বিদ্যালয় প্ৰাংগণতে ক্ষুভিত স্থানীয় ৰাইজে শিক্ষকজনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে ৰাইজৰ সমূহ অভিযোগক অভিযুক্ত শিক্ষক নীলকান্ত বিশ্বাসে নস্যাৎ কৰি আইনী নিৰ্দেশ মৰ্মেহে বিদ্যালয়খনত যোগদান কৰিবলৈ অহা বুলি বিদ্য্যলয় পৰিচালনা কমিটিৰ বিষয়ববীয়াক জানিবলৈ দিয়ে।

ইফালে পৰিস্থিতি অধিক অৱনতি হোৱাৰ আশংকা কৰি আমবাগন আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বিপৰীতে স্থানীয় ৰাইজে আলোচনা মৰ্মে অভিভাৱক সভা অনুষ্ঠিত কৰি সিদ্ধান্ত গ্ৰহণ নকৰা পৰ্যন্ত শিক্ষকগৰাকীৰ পুনৰ যোগদান প্ৰক্ৰিয়া স্থগিত ৰাখে।

Related News