NORTHEAST NOW (Assamese)

‘আই এল পি লাগে, কা-নালাগে’; মেঘালয়ত ইনাৰ লাইন পাৰ্মিট বিচাৰি প্ৰতিবাদ

November 27, 2020 3:56 pm · এন ই নাও নিউজ

মেঘালয় সামাজিক সংস্থাৰ সংযুক্ত মৰ্চাই (চি অ’ এম এছ অ’) শুকুৰবাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বেনাৰ আৰি অতিশীঘ্ৰে ৰাজ্যখনত ইনাৰ লাইন পাৰ্মিট (আই এল পি) কাৰ্য্যকৰী কৰাৰ বাবে দাবী জনায়।

ৰাজধানী শ্বিলঙৰ বিভিন্ন স্থানত বেনাৰ আৰি সংগঠনটোৱে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহক মেঘালয়ত আই এল পি কাৰ্য্যকৰীকৰণৰ ক্ষেত্ৰত বিলম্ব নকৰিবলৈ আহ্বান জনায়।

‘‘মোদী আমাক আই এল পি লাগে, অমিত শ্বাহ আমাক আই এল পি লাগে, আমাক আই এল পি লাগে….,’’ এখন বেনাৰত এইদৰে উল্লেখ কৰে।

বেনাৰত নাগৰিকত্ব সংশোধনী আইনৰ বিষয়েও উল্লেখ কৰি আই এল পিয়ে মেঘালয়ৰ খিলঞ্জীয়া নাগৰিকৰ অধিকাৰ আৰু অস্তিত্বক ৰক্ষণাবেক্ষণ দিব বুলিও লিখা হয়।

‘‘ আই এল পি লাগে, কা নালাগে,’’ অন্য এখন বেনাৰত এইদৰে লিখা হয়।

প্ৰতিবাদকাৰী সংগঠনটোৱে ব্যক্তিগত আৰু ৰাজহুৱা বাহনতো পতাকা আৰি দিয়া দেখা যায়।

চি অ’ এম এছ অ’ত মেঘালয়ৰ খাচি, জয়ন্তীয়া আৰু গাৰো পাহাৰৰ বাৰটাতকৈয়ো অধিক সংগঠন সংযুক্ত হৈ দীৰ্ঘদিনৰ পৰা মেঘালয়ত ইনাৰ লাইন পাৰ্মিটৰ দাবী জনায় আহিছে।

২০১৩ চনত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে মেঘালয়ত আই এল পিৰ দাবী প্ৰত্যাখান কৰাৰ পাছৰে পৰা সংগঠনটোৰ এই দাবী আৰু অধিক তীব্ৰতৰ হৈ পৰে।

Related News