• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৃষক বিক্ষোভ : দিল্লীৰ ৯ খন ষ্টেডিয়াম ডিটেনশ্যন কেম্পৰ বাবে অনুমতি নিদিলে কেজৰিৱাল চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 27, 2020 4:25 pm
index.jpgn
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী চ’লো কৃষক সমদলৰ অপ্ৰতিৰোধ্য গতিত থৰকাছুতি হেৰুৱাৰ উপক্ৰম হৈছে দিল্লী আৰক্ষীৰ।

ইতিমধ্যে পঞ্জাৱ-হাৰিয়ানা সীমান্ত অতিক্ৰম কৰি হাৰিয়ানা-দিল্লীৰ সীমান্ত কঁপাই তুলিছে হাজাৰ হাজাৰ কৃষকে।

Apply Now

হাজাৰ হাজাৰ কৃষকক ভেটা দিবলৈ দিল্লী আৰক্ষীয়ে অতি কঠোৰ তথা বৰ্বৰ পদক্ষেপ গ্ৰহণ কৰিছে।

ইফালে দিল্লী আৰক্ষীয়ে হাৰিয়ানা-দিল্লী সংযোগী সকলো পথ ছীল কৰি দিয়াৰ লগতে সীমান্তত মোতায়েন কৰি ৰাখিছে আৰক্ষীসহ বিশালসংখ্যক কেন্দ্ৰীয় সংৰক্ষিত নিৰাপত্তা বাহিনীৰ জোৱান।

প্ৰকাণ্ড প্ৰকাণ্ড ব’ল্ডাৰ পেলাই ইটোৰ লগত সিটোক শিকলিৰে মেৰিয়াই তলা লগাই ৰাজপথত পেলাই থোৱা হৈছে, যাতে কৃষক সমদলটোৱে ব’ল্ডাৰ আঁতৰাই টেক্টৰ পাৰ কৰাই দিল্লীৰ অভিমুখে আহিব নোৱাৰে।

লগতে পঢ়ক : পঞ্জাৱ-হাৰিয়ানা সীমান্তত অপ্ৰতিৰোধ্য কৃষক সমদল! : দলঙৰ পৰা বেৰিকেড নদীত পেলাই আহিছে আগুৱাই

আনহাতে কাটা তাঁৰ আৰু ফেন্সিং মেৰিয়াই বেৰিকেডেৰে ৰাজপথ ভেটা দি ৰাখিছে দিল্লী আৰক্ষীয়ে। এই প্ৰচণ্ড শীততো শীতল পানী ভৰ্তি তথা কন্দুৱা গেছৰ বাহনেৰে ঠাণ্ডা পানী আৰু কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে কৃষকসকলৰ ওপৰত। জানিব পৰা মতে নলাৰ কদৰ্য আৰু বিষাক্ত পানীও নিক্ষেপ কৰা হৈছে কৃষকৰ ওপৰত।

তথাপিও স্তব্ধ হোৱা নাই কৃষকৰ দিল্লী অভিমুখী যাত্ৰা। অৱশেষত দিল্লী আৰক্ষীয়ে কৃষক সমদলক ছত্ৰভংগ দিয়াবলৈ আৰম্ভ কৰিছে ৰবৰৰ গুলীবৰ্ষণ।

তথাপিও ক্ষান্ত হোৱা নাই বিদ্ৰোহী কৃষকসকল। কৃষকৰ অপ্ৰতিৰোধ্য গতি ৰোধ কৰিব নোৱাৰি বিপাঙত পৰা দিল্লী আৰক্ষীয়ে কৃষকসকলক আটক কৰি ৰাখিবলৈ দিল্লীৰ ৯ খন ষ্টেডিয়াম বিচাৰি দিল্লী চৰকাৰৰ অনুমতি বিচাৰিছে।

ইপিনে দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰে দিল্লী আৰক্ষীৰ এই আবেদন অগ্ৰাহ্য কৰিছে। অৰ্থাৎ সমদলকাৰী কৃষকক আটক কৰি ৰাখিবলৈ দিল্লীৰ কেজৰিৱাল চৰকাৰে দিল্লী আৰক্ষী কডিটেনশ্যন কেম্প হিচাপে ষ্টেডিয়াম ব্যৱহাৰৰ অনুমতি দিয়া নাই। যাৰ ফলত দিল্লী আৰক্ষীয়ে সীমান্তত যিকোনো প্ৰকাৰে কৃষক সমদলটোক ভেটা দি ৰাখিবলৈ প্ৰাণপণে চেষ্টা কৰা দেখা গৈছে।

লগতে পঢ়ক : কৃষকক ভেটা দিবলৈ দিল্লী সীমান্ত ছীল : কৃষকৰ ওপৰত বৰ্বৰতাৰে শীতল পানী হিলৈ, কন্দুৱা গেছ প্ৰয়োগ

“সীমান্তৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ পিছত সমদলকাৰী কৃষকসকলক আটক কৰি ৰাখিবলৈ আমাক বহু ঠাইৰ প্ৰয়োজন হ’ব। অৱেশ্যে আমি এতিয়াও নিশ্চিত হোৱা নাই।” দিল্লী আৰক্ষীৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত কয়।

উল্লেখ্য যে কৃষি আইন প্ৰত্যাহাৰৰ দাবীত দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকে ২৭ নৱেম্বৰত ‘দিল্লী চ’লো’ আহ্বানেৰে এক বিশাল প্ৰতিবাদী সমদলৰ আয়োজন কৰিছে।

এই আহ্বানৰ প্ৰতি সঁহাৰি জনায় দেশৰ বিভিন্ন প্ৰান্তৰ, বিশেষকৈ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, ৰাজস্থান আৰু কেৰেলাৰ কৃষকসকলে দিল্লী অভিমুখে যাত্ৰা আৰম্ভ কৰিছে।

ইফালে ক’ৰ’ণাৰ দোহাই দি বিশাল কৃষক সমদলটোক ভেঁটিবলৈ দিল্লীৰ সকলো সীমান্ত ছীল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে।

ইফালে কৃষক সংগঠসমূহে কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান জনায় কৈছে যে দিল্লী চৰকাৰে যন্তৰ মন্তৰলৈ তেওঁলোকক যোৱাত বাধা প্ৰদান কৰিলে দিল্লী-হাৰিয়ানাৰ সীমান্তৰ ৰাষ্ট্ৰীয় ঘাইপথতে ধৰ্ণাৰ কাৰ্যসূচী ৰূপায়ণ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd