পথ দুৰ্ঘটনাত মৃত্যুক কেন্দ্ৰ কৰি উত্তাল জাগুনৰ ৰাষ্ট্ৰীয় ঘাইপথ; প্ৰশাসনক ২৪ ঘণ্টাৰ সময় সীমা!

Videoframe_20211115_172901_com.huawei.himovie.overseas

ফটো: নৰ্থইষ্ট নাও।

এজন ব্যক্তিৰ মৃত্যুক কেন্দ্ৰ কৰি সোমবাৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে উত্তাল হৈ পৰে মাৰ্ঘেৰিটাৰ মহকুমাৰ জাগুন অঞ্চল।তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত তিনিমাইলত দেওবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে উত্তপ্ত হৈ পৰে ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ।

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা গাড়ীখন আৰু গাড়ী চালকক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবীত টায়াৰ জ্বলাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।

প্ৰাপ্ত খবৰ অনুসৰি নিশা As 23 H 2054 নম্বৰৰ এখন মটৰ চাইকেলৰ আৰোহীক কোনো অজ্ঞাত তীব্ৰ বেগী গাড়ীয়ে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে। এই দুৰ্ঘটনাত চানু প্ৰধান(৪৫) নামৰ মটৰ চাইকেল আৰোহীজন থিতাতে নিহত হয়।

নিশাই ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও বৰ্তমান পৰ্যন্ত দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন আৰু গাড়ী চালক জনক আটক কৰিবলৈ সক্ষম হোৱা নাই।

উক্ত ঘটনাক কেন্দ্ৰ কৰিয়েই গোৰ্খা ছাত্ৰ সন্থা টিৰাপ জাগুন আঞ্চলিক সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় লোকে পথৰ ওপৰত টায়াৰ জ্বলাই ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।

Also Read: Covid Update ৰাজ্যত ২৪ ঘন্টাত কিমান আক্ৰান্ত হ’ল কোভিডত, মৃত্যু কিমানৰ?

 প্ৰতিবাদীকাৰী সকলে অসম পুলিচ হায় হায়, দোষীক শীঘ্ৰে কৰায়ত্ত কৰক, মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়ক আদি বিভিন্ন শ্লোগানেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে।

তদুপৰি দোষীক ২৪ ঘণ্টাৰ ভিতৰত কৰায়ত্ত কৰিবলৈ আৰক্ষী  প্ৰশাসনক দাবী জনায়। অন্যথা পৰৱৰ্তী সময়ত পৰিস্থিতি আৰু অধিক ভয়ানক কৰি তোলাৰ হুংকাৰ প্ৰদান কৰে।

প্ৰায় ৩ ঘণ্টা ধৰি এই প্ৰতিবাদ ফলৰ অসম অৰুণাচললৈ অহা যোৱা যাত্ৰ তথা অন্যান্য গাড়ী সমূহ আবদ্ধ হৈ পৰে।

উল্লেখ্য যে জাগুন অঞ্চল চাহ পাত কঢ়িওৱা মেক্স ডি আই জাতীয় গাড়ী আৰু শিল কঢ়িওৱা তীব্ৰ বেগী ডাম্পাৰ খুণ্ডাত প্ৰায় দুৰ্ঘটনা সংঘটিত হৈ আহিছে যদিও এইক্ষেত্ৰত আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

Also Read: অৰুণাচলত আসাম ৰাইফলছৰ অভিযানত এনএছচিএন-কেৱাইএ গোটৰ তিনি উগ্ৰপন্থী নিহত

পেছাত ব্ৰইলাৰ কুকুৰাৰ ব্যৱসায় কৰা চানু প্ৰধানৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ‌ পৰাৰ বিপৰীতে অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰি আছে।

সোমবাৰে প্ৰতিবাদী দল-সংগঠন তথা স্থানীয় ৰাইজে প্ৰশাসনক ২৪ ঘণ্টাৰ সময় সীমা বান্ধি দিয়াৰ পাছত আৰক্ষী প্ৰশাসনে  দুৰ্ঘটনা সংঘটিত কৰা চালক আৰু বাহনৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব।