আৰক্ষীৰ চকুত ধূলি দি নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে দিল্লীতো ক’লা পতাকা উৰুৱালে প্ৰতিবাদাকাৰীয়ে

Delhi Protest

ক’লা পতাকাৰ আতংকই ইতিমধ্যে দিল্লীক স্পৰ্শ কৰিছেগৈ। ক’লা পতাকাৰ বাবে ভীতিগ্ৰস্ত হৈ অসমৰ পৰা যোৱা ৭গৰাকী প্ৰতিবাদকাৰীক হোটেলত থকাৰ সময়তে ২৫ জানুৱাৰিৰ নিশাই দিল্লীৰ সংসদমাৰ্গ আৰক্ষীয়ে আটক কৰি লৈ গৈছিল।

কিন্তু প্ৰতিবাদকাৰীকেইজনক আটক কৰিও তেওঁলোকৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰা বাৰণ কৰিব নোৱাৰিলে দিল্লীৰ শক্তিশালী আৰক্ষী!

সকলো ষড়যন্ত্ৰ বিফল কৰি আজি ৭০টা সংগঠনৰ হৈ দিল্লীলৈ যোৱা সাতোজন প্ৰতিবাদকাৰীয়ে দিল্লীৰ অসম ভবনৰ সন্মুখত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত ক’লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ক্ষোভৰ জুই জ্বলি থকাৰ পাছতো ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বিজেপিৰ অন্য মন্ত্ৰী-বিধায়কসকলে বিধেয়কৰ সপক্ষে স্থিতিত অটল আছে।

“সেয়েহে দিল্লীলৈকে এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদৰ ঢৌ বোৱাই নিবলৈ চেষ্টা কৰা হৈছে”, নৰ্থ-ইষ্ট নাওক জানিবলৈ দিলে দিল্লীত ক’লা পতাকা দেখুওৱা প্ৰতিবাদকাৰীসকলৰ নেতৃত্বত থকা ৰুবুল দাসে।

আৰক্ষী-প্ৰশাসন তথা কেন্দ্ৰীয় চৰকাৰৰ বাধা-বিঘিনি সত্ত্বেও বিধেয়কখন বাতিল নকৰা পৰ্য্যন্ত ৭০সংগঠনৰ ফালৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি আমাৰ আগত সদৰী কৰে দাসে।

“৭০ টা জাতীয়-জনগোষ্ঠীয় সংগঠনে সকলোবোৰ বাধা-বিঘিনি তথা চৰকাৰৰ ষড়যন্ত্ৰক ওফৰাই আজি অসম চৰকাৰৰ দিল্লীত থকা অসম ভৱনৰ সন্মুখত ক’লা পতাকা প্ৰদৰ্শন তথা উত্তোলন কৰা হ’ল।”, নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত এইদৰে কয় ৰুবুল দাসে।

যিকোনো মূল্যৰ বিনিময়ত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল হ’বই লাগিব বুলিও দাসে দাবী কৰি লগতে কয়, “অসমবাসীয়ে এই দাবী বাৰেপতি কৰি আহিছে, কিন্তু কেন্দ্ৰীয় তথা অসম চৰকাৰৰ এই দাবীৰ প্ৰতি গুৰুত্ব দিবলৈ আহৰি নাই।”

ইয়াৰোপৰি, আগন্তুক দিনসমূহত বিলখন প্ৰত্যাহাৰ নকৰিলে ৭০টা সংগঠনৰ ফালৰ পৰা সৰ্বতোপ্ৰকাৰৰ প্ৰতিবাদ সাব্যস্ত কৰা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক সকীয়াই দিয়ে ৰুবুল দাসে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, দেওবাৰে ৭০টা সংগঠনে দিল্লীৰ যন্তৰ-মন্তৰত বিধেয়কখনৰ বিৰুদ্ধে ২ ঘণ্টীয়া প্ৰতীকী অনশন কৰাৰ কথা আছিল যদিও দিল্লী আৰক্ষীয়ে অনুমতি প্ৰদান নকৰাত সেয়া কৰিব নোৱাৰিলে।