মল্লযুঁজাৰুসকলে গংগাত সকলো পদক বিসৰ্জন দিবলৈ ওলাইছে। মঙলবাৰে সন্ধিয়া ৬ বজাত হৰিদ্বাৰত এই পদক বিসৰ্জন দিব। এই মন্তব্য সাক্ষী মালিক, ভিনেশ ফোগাট, বজৰং পুনিয়াৰ দৰে মল্লযুঁজাৰুসকলৰ। দীৰ্ঘদিন ধৰি তেওঁলোকে ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে। কিন্তু এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে মল্লযুঁজাৰুসকলে এই সিদ্ধান্ত লৈছে। তেওঁলোকে আমৰম অনশনত বহিব বুলিও জানিবলৈ দিছে।
দিল্লীৰ যন্তৰ মন্তৰৰ সন্মুখত কেইবাদিনো ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল মল্লযুঁজাৰুসকলে। দেওবাৰে নতুন সংসদ ভৱন উদ্বোধনৰ সময়ত তেওঁলোকে বিক্ষোভ প্ৰদৰ্শন কৰিছিল। সেই সময়ত সাক্ষী আৰু সহযোগীসকলক বলপূৰ্বকভাৱে আটক কৰা হয়।
লগতে পঢ়ক: অশান্ত মণিপুৰত উপস্থিত হৈয়ে বৈঠকত বহিল অমিত শ্বাহ; পৰিস্থিতি শান্ত কৰাৰ কি মন্ত্ৰ গৃহমন্ত্ৰীৰ?
ব্ৰিজভূষণক গ্ৰেপ্তাৰ কৰাৰ দাবীত কেইবাদিনো ধৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। ইণ্ডিয়ান ৰেছলিং এছ’চিয়েশ্যনৰ সভাপতি ব্ৰিজভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উঠিছে। অৱশ্যে কেন্দ্ৰীয় শাসকীয় বিজেপি দলৰ সাংসদ ব্রিজভূষণে এই অভিযোগ অস্বীকাৰ কৰে৷
দিল্লীৰ যন্তৰ মন্তৰত মল্লযুঁজাৰুসকলে তেওঁক অপসাৰণ কৰাৰ দাবীত বিগত মাহৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এইবাৰ তেওঁলোকে পদক পেলাই দিয়াৰ কথা ঘোষণা কৰিলে।
মঙলবাৰে অলিম্পিকৰ পদক বিজয়ী সাক্ষীয়ে টুইট কৰি কয়, ‘’এই পদকসমূহে আমাৰ জীৱন। আজি সেইবোৰ গংগাত পেলাই দিয়াৰ পিছত আমাৰ জীয়াই থকাৰ আৰু কোনো অৰ্থ নাই। সেয়ে, পদকবোৰ পেলাই দিয়াৰ পিছত আমি ইণ্ডিয়া গেটৰ সন্মুখত আমৰণ অনশনত বহিম।”
লগতে পঢ়ক: পাঁচবাৰ আইপিএল জয়; ঘৰৰ ল’ৰা ধোনিক প্ৰশংসাৰে উপচাই দিলে মুখ্যমন্ত্ৰী ষ্টেলিনে!
দিল্লী আৰক্ষীয়ে দেওবাৰে দিল্লীত মল্লযুঁজাৰু ভিনেশ ফ’গাট, বজৰং পুনিয়া, সংগীতা ফ’গাট, সাক্ষী মালিককে ধৰি বহুকেইজনক আটক কৰে। তেওঁলোকে ‘মহিলা মহাপঞ্চায়ত’ আয়োজন কৰিবলৈ নতুন সংসদ ভৱনৰ ফালে সমদল উলিয়াইছিল। সেইবাবেই তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল।
ইয়াৰ পূৰ্বে আৰক্ষীয়ে মল্লযুঁজাৰুৰ কাৰ্যসূচীৰ অনুমোদন নাকচ কৰিছিল। ইয়াৰ পিছতো যেতিয়া মল্লযুঁজাৰুসকলে নতুন সংসদ ভৱনৰ সন্মুখত বিক্ষোভ কৰিবলৈ গৈ হাৰাশাস্তিৰ সন্মুখীন হয়।
দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত (আইন-শৃংখলা) দিপেন্দ্ৰ পাঠকে দেওবাৰে কয় যে ‘আমি ক্ৰীড়াবিদক সন্মান কৰো। কিন্তু নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত আমি কোনো ধৰণৰ বিশৃংখলতা থাকিবলৈ দিব নোৱাৰো।‘
দেওবাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ভিনেশে সাক্ষীক আৰক্ষীৰ ভ্যানত উঠাই নিয়াৰ ভিডিঅ’। এই সন্দৰ্ভত বিজেন্দ্ৰ সিং, নীৰজ চোপ্ৰা, সুনীল ছেত্ৰীৰ দৰে ক্ৰীড়াবিদে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰশাসনৰ ভূমিকাক সমালোচনা কৰে।
লগতে পঢ়ক: লিবিয়াত ২৩ জন আই এছ উগ্ৰপন্থীক মৃত্যুদণ্ড; ১৪ জনক যাৱজ্জীৱন কাৰাদণ্ড
দেওবাৰৰ এই ঘটনাৰ পিছতে মল্লযুঁজাৰুৰ আন্দোলনৰ বিৰুদ্ধে অধিক কঠোৰ স্থিতি গ্ৰহণ কৰে দিল্লী আৰক্ষী প্ৰশাসনে। দিল্লীৰ যন্তৰ মন্তৰত মল্লযুঁজাৰুসকলে ধৰ্ণা প্ৰদৰ্শন কৰিব নোৱাৰিব বুলিও জনাই দিয়া হৈছে।