• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুসকলে মংগলবাৰে সন্ধিয়া গংগাত বিসৰ্জন দিব পদক! কি ঘটিব হৰিদ্বাৰত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2023 2:49 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মল্লযুঁজাৰুসকলে গংগাত সকলো পদক বিসৰ্জন দিবলৈ ওলাইছে। মঙলবাৰে সন্ধিয়া ৬ বজাত হৰিদ্বাৰত এই পদক বিসৰ্জন দিব। এই মন্তব্য সাক্ষী মালিক, ভিনেশ ফোগাট, বজৰং পুনিয়াৰ দৰে মল্লযুঁজাৰুসকলৰ। দীৰ্ঘদিন ধৰি তেওঁলোকে ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে। কিন্তু এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে মল্লযুঁজাৰুসকলে এই সিদ্ধান্ত লৈছে। তেওঁলোকে আমৰম অনশনত বহিব বুলিও জানিবলৈ দিছে।

দিল্লীৰ যন্তৰ মন্তৰৰ সন্মুখত কেইবাদিনো ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল মল্লযুঁজাৰুসকলে। দেওবাৰে নতুন সংসদ ভৱন উদ্বোধনৰ সময়ত তেওঁলোকে বিক্ষোভ প্ৰদৰ্শন কৰিছিল। সেই সময়ত সাক্ষী আৰু সহযোগীসকলক বলপূৰ্বকভাৱে আটক কৰা হয়।

লগতে পঢ়ক: অশান্ত মণিপুৰত উপস্থিত হৈয়ে বৈঠকত বহিল অমিত শ্বাহ; পৰিস্থিতি শান্ত কৰাৰ কি মন্ত্ৰ গৃহমন্ত্ৰীৰ?

Apply Now

ব্ৰিজভূষণক গ্ৰেপ্তাৰ কৰাৰ দাবীত কেইবাদিনো ধৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। ইণ্ডিয়ান ৰেছলিং এছ’চিয়েশ্যনৰ সভাপতি ব্ৰিজভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উঠিছে। অৱশ্যে কেন্দ্ৰীয় শাসকীয় বিজেপি দলৰ সাংসদ ব্রিজভূষণে এই অভিযোগ অস্বীকাৰ কৰে৷

দিল্লীৰ যন্তৰ মন্তৰত মল্লযুঁজাৰুসকলে তেওঁক অপসাৰণ কৰাৰ দাবীত বিগত মাহৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এইবাৰ তেওঁলোকে পদক পেলাই দিয়াৰ কথা ঘোষণা কৰিলে।

মঙলবাৰে অলিম্পিকৰ পদক বিজয়ী সাক্ষীয়ে টুইট কৰি কয়, ‘’এই পদকসমূহে আমাৰ জীৱন। আজি সেইবোৰ গংগাত পেলাই দিয়াৰ পিছত আমাৰ জীয়াই থকাৰ আৰু কোনো অৰ্থ নাই। সেয়ে, পদকবোৰ পেলাই দিয়াৰ পিছত আমি ইণ্ডিয়া গেটৰ সন্মুখত আমৰণ অনশনত বহিম।”

লগতে পঢ়ক: পাঁচবাৰ আইপিএল জয়; ঘৰৰ ল’ৰা ধোনিক প্ৰশংসাৰে উপচাই দিলে মুখ্যমন্ত্ৰী ষ্টেলিনে!

দিল্লী আৰক্ষীয়ে দেওবাৰে দিল্লীত মল্লযুঁজাৰু ভিনেশ ফ’গাট, বজৰং পুনিয়া, সংগীতা ফ’গাট, সাক্ষী মালিককে ধৰি বহুকেইজনক আটক কৰে। তেওঁলোকে ‘মহিলা মহাপঞ্চায়ত’ আয়োজন কৰিবলৈ নতুন সংসদ ভৱনৰ ফালে সমদল উলিয়াইছিল। সেইবাবেই তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

ইয়াৰ পূৰ্বে আৰক্ষীয়ে মল্লযুঁজাৰুৰ কাৰ্যসূচীৰ অনুমোদন নাকচ কৰিছিল। ইয়াৰ পিছতো যেতিয়া মল্লযুঁজাৰুসকলে নতুন সংসদ ভৱনৰ সন্মুখত বিক্ষোভ কৰিবলৈ গৈ হাৰাশাস্তিৰ সন্মুখীন হয়।

দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত (আইন-শৃংখলা) দিপেন্দ্ৰ পাঠকে দেওবাৰে কয় যে ‘আমি ক্ৰীড়াবিদক সন্মান কৰো। কিন্তু নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত আমি কোনো ধৰণৰ বিশৃংখলতা থাকিবলৈ দিব নোৱাৰো।‘

দেওবাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ভিনেশে সাক্ষীক আৰক্ষীৰ ভ্যানত উঠাই নিয়াৰ ভিডিঅ’। এই সন্দৰ্ভত বিজেন্দ্ৰ সিং, নীৰজ চোপ্ৰা, সুনীল ছেত্ৰীৰ দৰে ক্ৰীড়াবিদে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰশাসনৰ ভূমিকাক সমালোচনা কৰে।

লগতে পঢ়ক: লিবিয়াত ২৩ জন আই এছ উগ্ৰপন্থীক মৃত্যুদণ্ড; ১৪ জনক যাৱজ্জীৱন কাৰাদণ্ড

দেওবাৰৰ এই ঘটনাৰ পিছতে মল্লযুঁজাৰুৰ আন্দোলনৰ বিৰুদ্ধে অধিক কঠোৰ স্থিতি গ্ৰহণ কৰে দিল্লী আৰক্ষী প্ৰশাসনে। দিল্লীৰ যন্তৰ মন্তৰত মল্লযুঁজাৰুসকলে ধৰ্ণা প্ৰদৰ্শন কৰিব নোৱাৰিব বুলিও জনাই দিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd