মেছি-ৰোনাল্ডোক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ হ’ল পিএছজিৰ ফৰাচী ষ্ট্ৰাইকাৰ এমবাপে

PSG star Mbappe beats Lionel Messi and Cristiano Ronaldo পেৰিছ ছেইণ্ট জাৰ্মেইনৰ ষ্ট্ৰাইকাৰ কেলিয়ান এমবাপে ফৰ্বছ আলোচনীৰ বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে। ফলস্বৰূপে লিঅ’নেল মেছি আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে যোৱা আঠ বছৰত প্ৰথমবাৰৰ বাবে শীৰ্ষ স্থান হেৰুৱাইছে।

২০২২-২৩ বৰ্ষৰ বাবে এমবাপেৰ সম্ভাৱ্য উপাৰ্জন হৈছে ১২৮ নিযুত ডলাৰ। অৱশ্যে এজেণ্টৰ মাচুল ইয়াৰ পৰা বাদ দিয়া হ’ব। তথাপিও ফৰাচী ফুটবলাৰজনে ফৰ্বছৰ বাৰ্ষিক ৰেংকিঙত শীৰ্ষস্থান দখল কৰিছে।

এমবাপেৰ পিএছজি সতীৰ্থ মেছি ১২০ নিযুত ডলাৰৰ উপাৰ্জনৰে তালিকাৰ দ্বিতীয় স্থানত আছে। তৃতীয় স্থানত থকা ম্যানচেষ্টাৰ ইউনাইটেডৰ পৰ্তুগীজ তাৰকা ৰোনাল্ডোৱে ১০০ মিলিয়ন ডলাৰ উপাৰ্জন কৰে।

শীৰ্ষ পাঁচজনৰ ভিতৰত আন দুজন খেলুৱৈ হৈছে পিএছজিৰ নেইমাৰ আৰু মহম্মদ ছালাহ। ব্ৰাজিলিয়ান তাৰকা নেইমাৰৰ বাৰ্ষিক উপাৰ্জন হৈছে ৮৭ নিযুত ডলাৰ। লিভাৰপুলৰ ফৰৱাৰ্ড ছালাহৰ আয় ৫৩ নিযুত ডলাৰ।

বৰুছিয়া ডৰ্টমুণ্ড এৰি ম্যানচেষ্টাৰ চিটিত যোগদান কৰা এৰলিং হালাণ্ডে প্ৰিমিয়াৰ লীগৰ ছিজন সুন্দৰভাৱে আৰম্ভ কৰিছে। আত্মপ্ৰকাশ কৰিয়েই তেওঁ ৩৯ নিযুত ডলাৰ উপাৰ্জন কৰে আৰু শীৰ্ষ দহটা স্থান লাভ কৰে। ৩০ বছৰৰ তলৰ দুজন ফুটবলাৰ আছে, এমবাপে আৰু হালাণ্ড।

ফৰ্বছৰ প্ৰতিবেদন অনুসৰি, মেছি আৰু ৰোনাল্ডো তেওঁলোকৰ বৰ্ণময় কেৰিয়াৰৰ শেষত উপনীত হৈছে। সেয়েহে এতিয়া তালিকাৰ শীৰ্ষস্থানবোৰ ক্ৰমান্বয়ে এমবাপে, হালাণ্ডেহঁতৰ দখললৈ গৈ আছে।

অনুমান কৰা হৈছে যে এইবাৰ প্ৰথম ১০ জন খেলুৱৈয়ে অভিলেখ পৰিমানৰ মুঠ ৬৫২ নিযুত ডলাৰ উপাৰ্জন কৰিব। সেয়া যোৱা বছৰৰ ৫৮৫ নিযুত ডলাৰৰ তুলনাত ১১ শতাংশ অধিক।