NORTHEAST NOW (Assamese)

ভোগালীৰ আনন্দৰ মাজতে মিৰ্জাত ভয়ংকৰ বাছ দুৰ্ঘটনা

January 14, 2021 6:08 pm · এন ই নাও নিউজ

সমগ্ৰ ৰাজ্যত ভোগালী বিহুৰ আনন্দ অব্যাহত থকাৰ সময়তে আজি কামৰূপ জিলাৰ মিৰ্জাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

বৃহস্পতিবাৰে গুৱাহাটীৰ পাৰ ধুবুৰী অভিমুখে গৈ থকা এ এছ-০১-এম চি-২৯৬৭ নম্বৰৰ এখন যাত্ৰীবাহী বাছে দক্ষিণ কামৰূপৰ মিৰ্জাৰ সমীপৰ সৰপাৰা বেচিকত নিয়ন্ত্ৰণ হেৰুৱাই পানীভৰ্তি এটা খাৱৈত বাগৰি পৰে।

জানিব পৰা মতে, ধুবুৰী অভিমুখী বাছখনত প্ৰায় ৪০ গৰাকী যাত্ৰী আছিল।

বাতৰি সংগ্ৰহ কৰা পৰলৈ এই বাছ দুৰ্ঘটনাটোৰ ফলত বৰ্তমানলৈ কোনো ব্যক্তিৰ মৃত্যু হোৱা নায়।

বাছ দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে দুৰ্ঘটনাস্থলীত পলাশবাৰী আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী, এন ডি আৰ এফৰ উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

উদ্ধাৰ অভিযানত স্থানীয় লোক সকলেও যথেষ্টখিনি সহযোগিতা আগবঢ়ায়।

দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত যাত্ৰী সকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

Related News