• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানুহে মানুহৰ বাবে|| ৰুগীয়া যুৱকৰ সাহায্যাৰ্থে শিৱসাগৰৰ ৰাজপথত ৰাইজ

তপনক সহায় কৰিব বিচাৰিলে বাতৰিত দিয়া বেংক একাউণ্টত নিজ ইচ্ছানুসৰি আৰ্থিক সহায় আগবঢ়াব পাৰে।

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 5, 2019 6:11 pm
Public collects money to help ailing youth of Assam's Sivasagar

তপন শইকীয়া। ছবি সৌজন্য-- ফে’চবুক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ অৰ্থনীতি বৰ্তমান বিশ্বৰ সৰ্ববৃহৎ দহটা (সুব্ৰমনিয়ন স্বামীৰ মতে ক্ৰয় ক্ষমতাৰ ভিত্তিত তৃতীয়) ব্যৱস্থাৰ এটা হ’লেও মানৱ উন্নয়নত দেশখন যুদ্ধবিধ্বস্ত ইৰাক বা লিবিয়াতকৈও পিছপৰা (ৰাষ্ট্ৰ সংঘৰ হিউমেন দিভেলপমেন্ত ৰিপ’ৰ্ট, ২০১৮ সূচীত স্থান ১৩০, মানৱ উন্নয়নৰ দিশত প্ৰথম স্থানৰ নৰৱে’ জি দি পিৰ হিচাপত ৰাষ্ট্ৰ সংঘৰ ২৮সংখ্যক দেশ, একে হিচাপত ভাৰতৰ স্থান ২০১৭ চনত আছিল সপ্তম)।

আয়ৰ অভাৱনীয় কিন্তু বাস্তৱ অসমতা আৰু বিনামূলীয়া স্বাস্থ্যসেৱাৰ দৰে (যেনে বৃটনৰ এন এইচ এচ) সামাজিক সুৰক্ষাৰ অভাৱৰ মাজতো আজিও দুৰ্দশাগ্ৰস্ত মানুহক সহায় কৰিবলৈ ওলাই আহে অসমৰ সমাজ।

তাৰেই আৰু এটা দৃষ্টান্ত দাঙি ধৰি শিৱসাগৰৰ তপন শইকীয়া নামৰ যুৱক এজনৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য বিচাৰি ৰাজপথলৈ ওলাই আহিল বীৰ লাচিত সেনা, জুবিন ফেন ক্লাৱ, বন্ধুবৰ্গ তথা স্থানীয় ৰাইজ।

অতি অমায়িক স্বভাৱৰ লগতে সদায় হাঁহি ধেমালী কৰি ভাল পোৱা তপনে সকলোকে কম সময়ৰ ভিতৰত আপোন কৰিব পাৰিছিল। কিন্তু হঠাৎ তপনৰ জীৱনলৈ নামি আহিল অমানিশা।

শিৱসাগৰ চহৰৰ সমীপৰ জুলা গাঁৱৰ নিবাসী তথা অৱসৰ প্ৰাপ্ত শিক্ষক অমূল্য শইকীয়াৰ পুত্ৰ তপন শইকীয়াই কিছুদিন পূৰ্বে সামান্য পেটৰ বিষ অনুভৱ কৰাত চিকিৎসকৰ ওচৰ চাপে। চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি আৰোগ্য লাভ নকৰাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ যায়। ডিব্ৰুগড়ত চিকিৎসকে পৰীক্ষা নিৰীক্ষা কৰি তপনৰ দুয়োটা কিডনী বিকল হোৱা বুলি জনায় আৰু অতি সোনকালো উন্নত চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ যাবলৈ পৰামৰ্শ আগবঢ়ায়।

কিন্তু আৰ্থিকভাৱে দূৰ্বল তপনৰ পৰিয়ালে ততালিকে তপনক অসমৰ বাহিৰলৈ চিকিৎসাৰ বাবে নিব পৰা নাই। বৰ্তমান তপন শইকীয়াক গুৱাহাটীৰ হেলথ চিটি চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা কৰি থকা হৈছে।  জানিব পৰা মতে তপনৰ মাতৃয়ে নিজৰ পুত্ৰক এটা কিডনী দান কৰিব যদিও কিডনী Transplant কৰাৰ খৰচ ব্যয়বহুল হোৱাৰ বাবে টকাৰ অভাৱত উন্নত চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ নিব পৰা নাই তপনক।

তপনক সহায়ৰ বাবে ওলাই আহিছে বীৰ লাচিত সেনা শিৱসাগৰ জিলা সমিতি, জুবিন ফেন ক্লাৱ, তপনৰ বন্ধুবৰ্গ আৰু স্থানীয় ৰাইজ। শুকুৰবাৰে দিনৰ ২ বজাত জয়সাগৰ তিনিআলিৰ পৰা পদ যাত্ৰা কৰি ৰংঘৰ চাৰি আলি হৈ শিৱসাগৰ চহৰৰ বিভিন্ন  স্থানত আৰ্থিক সাহাৰ্য্য বিচাৰে তপনৰ বাবে। দল সংগঠন তথা ৰাইজৰ অনুৰোধত তপনৰ চিকিৎসাৰ বাবে  বহুজনে প্ৰদান কৰে আৰ্থিক সাহাৰ্য্য।

নিজৰ দুয়োটা কিডনী বিলক বুলি জানিও ভাগি পৰা নাই তপন শইকীয়া। জীয়াই থকাৰ অলেশ সপোন আছে তপনৰ। “আপুনি মই অলপ সহায় কৰিলে হয়টো তপন পুনৰ সুস্থ হৈ উঠিব। পূৰ্বৰ দৰেই হাঁহিব, ধেমালী কৰিব তপনে”। এই মন্তব্য কৰে বীৰ লাচিত সেনাৰ সভাপতি চিতু বৰুৱা আৰু জুবিন ফেন ক্লাৱৰ ঋষিকেশ দুৱৰাই।

তপনক যদি কোনো সদাশয় ব্যক্তিয়ে আৰ্থিক সহায় কৰিব বিচাৰে তেন্তে তলৰ বেংক একাউণ্টত নিজ ইচ্ছানুসৰি আৰ্থিক সহায় আগবঢ়াব পাৰে।

Dipamoni Saikia.
A/c No:  20303769473.
IFSC : SBIN0002093.
SBI Narengi Branch
পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

Stay Connected

  • 117k Fans

Recent News

দুৰ্নীতি বিৰোধী প্ৰতিবাদৰ পাছত নেপালৰ প্ৰধানমন্ত্ৰী কে পি অলিৰ পদত্যাগ!

দুৰ্নীতি বিৰোধী প্ৰতিবাদৰ পাছত নেপালৰ প্ৰধানমন্ত্ৰী কে পি অলিৰ পদত্যাগ!

September 9, 2025 2:45 pm
অসমত জন্মগ্ৰহণ কৰা অভিনেতা ৰাজদ্বীপ চৌধুৰীৰ ছবি ‘A Teacher’s Gift’ ট্ৰাইবেকা ফেষ্টিভেল লিছব’য়াৰ বাবে নিৰ্বাচিত

অসমত জন্মগ্ৰহণ কৰা অভিনেতা ৰাজদ্বীপ চৌধুৰীৰ ছবি ‘A Teacher’s Gift’ ট্ৰাইবেকা ফেষ্টিভেল লিছব’য়াৰ বাবে নিৰ্বাচিত

September 9, 2025 2:14 pm
জনজাতীয় লোকক উচ্ছেদ কৰি জৈৱ বৈচিত্ৰ ধ্বংসেৰে কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ অভিলাষী গ্ৰেট নিকোবৰ প্ৰকল্প

জনজাতীয় লোকক উচ্ছেদ কৰি জৈৱ বৈচিত্ৰ ধ্বংসেৰে কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ অভিলাষী গ্ৰেট নিকোবৰ প্ৰকল্প

September 9, 2025 1:45 pm
ৰণক্ষেত্ৰত পৰিণত কাঠমাণ্ডু! প্ৰতিবাদত সাধাৰণ নাগৰিকৰ মৃত্যুৰ পিছত ৯ জন মন্ত্ৰীৰ পদত্যাগ

ৰণক্ষেত্ৰত পৰিণত কাঠমাণ্ডু! প্ৰতিবাদত সাধাৰণ নাগৰিকৰ মৃত্যুৰ পিছত ৯ জন মন্ত্ৰীৰ পদত্যাগ

September 9, 2025 1:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্নীতি বিৰোধী প্ৰতিবাদৰ পাছত নেপালৰ প্ৰধানমন্ত্ৰী কে পি অলিৰ পদত্যাগ!

দুৰ্নীতি বিৰোধী প্ৰতিবাদৰ পাছত নেপালৰ প্ৰধানমন্ত্ৰী কে পি অলিৰ পদত্যাগ!

September 9, 2025 2:45 pm
অসমত জন্মগ্ৰহণ কৰা অভিনেতা ৰাজদ্বীপ চৌধুৰীৰ ছবি ‘A Teacher’s Gift’ ট্ৰাইবেকা ফেষ্টিভেল লিছব’য়াৰ বাবে নিৰ্বাচিত

অসমত জন্মগ্ৰহণ কৰা অভিনেতা ৰাজদ্বীপ চৌধুৰীৰ ছবি ‘A Teacher’s Gift’ ট্ৰাইবেকা ফেষ্টিভেল লিছব’য়াৰ বাবে নিৰ্বাচিত

September 9, 2025 2:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd