NORTHEAST NOW (Assamese)

বৰপেটাত সংখ্যালঘু যুৱকক ভাবুকি প্ৰদান কৰা সন্দৰ্ভত নাগৰিক সভা 

June 23, 2019 5:21 pm · পুলেন্দ্ৰ দাস
বৰপেটাত অনুষ্ঠিত হোৱা নাগৰিক সভা

বৰপেটা চহৰত ১৮ জুনৰ  নিশা ৬ গৰাকী সংখ্যালঘু যুৱকক অন্য কেইগৰাকীমান যুৱকে মাৰ-ধৰ কৰি ভাবুকি প্ৰদানেৰে বিভিন্ন বিতৰ্কিতমূলক ধ্বনি দিবলৈ হেঁচা প্ৰয়োগ কৰা ঘটনা সন্দৰ্ভত আজি বৰপেটা চহৰত এথন নাগৰিক সভা অনুষ্ঠিত কৰা হয়।

বৰপেটা সাহিত্য সভা ভৱনত অনুষ্ঠিত এই সভাৰ জৰিয়তে বৰপেটাত চাৰিগৰাকীমান দুষ্কৃতিকাৰীয়ে সংঘটিত কৰা ঘটনাতো ‘বৰপেটা কাণ্ড’ কেতিয়াও হব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে ৷

বৰপেটা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্যিক গোবিন্দ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশ গ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক, শিক্ষাৰত্ন আৰু কলাগুৰু বঁটা প্ৰাপক  অক্ষয় কুমাৰ মিশ্ৰই উগ্ৰতাৰে ধৰ্ম সাব্যস্ত কৰিব নোৱাৰি বুলি মন্তব্য কৰে৷ কোনো ধৰ্মই মানুহক উগ্ৰ হবলৈ নিশিকায় বুলি উল্লেখ কৰি তেওঁ সুসজ্জিত, সুনাগৰিক হবলৈ প্ৰতিগৰাকী লোকক আহ্বান জনায়।

বিশিষ্ট সাহিত্যিকগৰাকীয়ে লগতে কয় যে, মহৎ চিন্তা, মহৎ কৰ্ম প্ৰতিটো ধৰ্মৰ মূল বাণী৷ “জয় শ্ৰীৰাম”ৰ তাৎপৰ্য আগবঢ়াই তেওঁ  ৰামৰ আদৰ্শ কাৰোবাক জোৰ জবৰদস্তি দিয়াতো উচিত নহয় বুলি কয় ৷ দেশখনক আগুৱাই  নিয়াৰ স্বাৰ্থত সকলোকে শান্তি সম্প্ৰীতি বজাই ৰখাৰ বাবে তেওঁ অনুৰোধ কৰে ৷

নাগৰিক সভাখনত বিশিষ্ট চিকিৎসক ডা০ চৈয়দ আহমেদ জাদিদ,  অৱসৰ প্ৰাপ্ত অধ্যাপক ড° বাবুল চন্দ্ৰ দাস, ড° কেশৱ চন্দ্ৰ ডাকুৱা,  নাট্যকাৰ লিয়াকৎ আলী,  অধ্যাপক চুলতান আলী আহমেদৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰি উক্ত ঘটনাক গৰিহণা দিয়াৰ লগতে শান্তি-সম্প্ৰীতি অটুত ৰখাৰ বাবে সকলোকে আহ্বান জনায় ৷

Related News