নগাঁও জিলাৰ কঠিয়াতলীত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক গুৰুতৰভাৱে আহত হয়। আহত লোকগৰাকী বুলবুল গোঁসাই বুলি জানিব পৰা গৈছে।
ঘটনাৰ বিৱৰণী অনুসৰি, কঠিয়াতলীৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দিনৰ ভাগত বুলবুল গোঁসাই নামৰ লোকগৰাকীয়ে কিছু ব্যক্তিগত কামত নিজৰ পালচাৰ-১৫০ বাইকখনলৈ ওলাই অহাৰ সময়তে বিপৰীত দিশৰ পৰা অহা এ এছ-০২-এচি-৬৫২৭ নম্বৰৰ এখন দ্ৰুতবেগী টাটা মোবাইল গাড়ীয়ে প্ৰচণ্ড জোৰেৰে তেওঁৰ বাইকখনত খুন্দা মাৰে আৰু প্ৰায় ৩০-৪০ মিটাৰমান দূৰত্ব চোচৰাই লৈ যায়।
আকস্মিক দূৰ্ঘটনাটোৰ ফলত বাইক আৰোহী বুলবুল গোঁসাই গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলীত উপস্থিত ৰাইজে ততাতয়াকৈ তেওঁক উন্নত চিকিৎসাৰ বাবে নগাঁও সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
আনহাতে, ঘটনাস্থলীত পৰৱৰ্তীসময়ত আৰক্ষী উপস্থিত হৈ দূৰ্ঘটনাগ্ৰস্ত বাইকখন আৰু টাটা মোবাইল বাহনখন জব্দ কৰে।
উল্লেখযোগ্য যে, দীৰ্ঘদিনধৰি ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা শোচনীয় হৈ থকাৰ ফলত প্ৰায়ে অঞ্চলটোত পথ দূৰ্ঘটনা সংঘটিত হৈ আহিছে। স্থানীয় ৰাইজে চৰকাৰ তথা প্ৰশাসনক শীঘ্ৰে এই পথছোৱা মেৰামতি কৰাৰ বাবে দাবী জনায়।