NORTHEAST NOW (Assamese)

বৰপেটাৰ হাউলীত পাকিস্তানৰ পতাকা দাহ, চহিদলৈ শ্ৰদ্ধাঞ্জলি

February 16, 2019 9:56 pm · আনিছুজ জামান
বৰপেটাৰ হাউলীত পাকিস্তানৰ পতাকা দাহ, চহিদলৈ শ্ৰদ্ধাঞ্জলি।

কাশ্মীৰৰ পুলৱামাত সংঘটিত ঘটনাই এতিয়াও শোকাহত কৰি ৰাখিছে সমগ্ৰ দেশবাসীক৷ দেশৰ প্ৰতিজন নাগৰিকৰ নিৰাপত্তা আৰু দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ বাবে নিজৰ জীৱনকো তুচ্ছ কৰি জীৱন বলি দিয়া বীৰ জোৱান চহিদসকলৰ প্ৰতি দেশবাসীয়ে জনাই আহিছে শ্ৰদ্ধাঞ্জলি৷

বৃহস্পতিবাৰে পাকিস্তানী উগ্ৰপন্থীৰ বৰ্বৰ আক্ৰমণৰ ঘটনাত চহিদ হোৱা চি আৰ পি এফৰ বীৰ জোৱানসকলৰ প্ৰতি শনিবাৰে বৰপেটাৰ হাউলীতো শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

হাউলীৰ চণ্ডী বৰুৱা সামাজিক সাংস্কৃতিক সন্থাৰ উদ্যোগত আৰু আৰু হাউলী প্ৰেছ ক্লাবৰ সহযোগত হাউলী চাৰিআলিত সন্ধিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি চহিদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে হাউলী চহৰবাসীয়ে।

ইপিনে পাক সমৰ্থিত কাশ্মীৰী সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত ঘটনাৰ প্ৰতিবাদত হাউলী চহৰত দাহ কৰা হয় পাকিস্তানৰ পতাকা৷

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হাউলী আঞ্চলিক সমিতিয়ে ৰাজপথত পাকিস্তানৰ বিৰুদ্ধে সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে৷

প্ৰতিবাদকাৰীসকলে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তানৰ পতাকা দাহ কৰি পাকিস্তান মুৰ্দাবাদ, পাকিস্থান নিপাত যাওক ধ্বনি দিয়ে।

প্ৰতিবাদকাৰীসকলে জে’শ্ব-এ-মহম্মদৰ মুৰব্বীৰ লগতে আত্মঘাতী সন্ত্ৰাসবাদীজনৰো প্ৰতিকৃতি দাহ কৰি সন্ত্ৰাসবাদ বিৰোধী শ্ল’গান দিয়ে৷

Related News