সবিশেষ|| অসম অভিমুখে চহিদ মনেশ্বৰ বসুমতাৰীৰ দেহৰ অৱশেষ, সাহায্য ঘোষণা চৰকাৰৰ

Pulwama attack: Mortal remains of CRPF Jawan Manaswar Basumatary reaches homeland Assam on Saturday

কাশ্মীৰৰ পৰা বিমানযোগে অসমলৈ আনি থকা হৈছে পুলৱামাত জে’শ্ব এ’ মহম্মদৰ আত্মঘাতী বিস্ফোৰণত নিহত অসমৰ চি আৰ পি এফ জোৱান মনেশ্বৰ বসুমতাৰীৰ দেহৰ অৱশেষ।

শনিবাৰে ৰাতিপুৱা ১০:২০ বজাত বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হ’ব বসুমতাৰীৰ মৃতদেহ কঢ়িয়াই অনা ইণ্ডিগ’ বিমানখন (নং ৬-ই-৯৩৯)। বসুমতাৰীৰ কফিনৰ লগত সংগীৰূপে আহিছে চি আৰ পি এফ জোৱান বুদ্ধেশ্বৰ ৰয়।

জোৱানজনৰ মৃতদেহ ইতিমধ্যে শ্ৰীনগৰৰ পৰা নতুন দিল্লীত আহি উপস্থিত হৈছে। দিল্লীৰ পৰা অসম অভিমুখে পুৱা ৭:৫৫ বজাত উৰা মাৰিব বিমানখনে।

চহিদ বসুমতাৰীৰ ঘৰ বাক্সা জিলাৰ তামুলপুৰৰ কলবাৰী গাঁৱত, পিতৃ দনিৰাম বসুমতাৰী।

৪৭ বছৰীয়া জোৱানজনে মৃত্যুৰ সময়লৈকে ২৪ বছৰ ৬ মাহ আৰু ৮ দিন সেৱা আগবঢ়াই গৈছে।

অসম চৰকাৰে চহিদ বসুমতাৰীৰ পৰিয়াললৈ ২০ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে।