NORTHEAST NOW (Assamese)

পুনেত সম্পন্ন হ’ল দেশৰ প্ৰথম খন ডিজিটাল বিবাহ

February 7, 2022 9:05 pm · এন ই নাও নিউজ,গুৱাহাটী

মানুহ এতিয়া প্ৰযুক্তিৰ এপৰত ইমানেই নিৰ্ভৰশীল হৈ পৰিছে যে বিয়াৰ দৰে অনুষ্ঠানো ডিজিটালী সম্পন্ন হ’বলৈ আৰম্ভ কৰিছে।

ব্লকচেইন প্ৰযুক্তিৰ সহায়ত শেহতীয়াকৈ দেশত সম্পন্ন হৈছে এখন ডিজিটাল বিয়া।

এই বিয়াৰ পুৰোহিতো আনকি ‘ডিজিটেল পুৰোহিত’ অৰ্থাৎ ডিজিটালী সৃষ্টি কৰা পুৰোহিত আছিল।

পুনেৰ দিনেশ এছপি আৰু জনগণানন্দিনী ৰামাস্বামীয়ে প্ৰকাশ কৰা মতে তেওঁলোকে কইনাৰ স্বৰ্গীয় পিতৃক ডিজিটালী পুনৰ সৃষ্টি কৰি তেওঁক পুৰোহিত হিচাবে নিয়োগ কৰিছিল।

ভাৰ্চুৱেল বিবাহৰ অভ্যৰ্থনাৰ গুগল মিটত ৪০০ ৰো অধিক শুভাকাংক্ষীয়ে প্ৰত্যক্ষ কৰিছিল।

অপেনচি প্লেটফৰ্মৰ জৰিয়তে ব্লকচেইন প্ৰযুক্তিৰ সহায়ত তেওঁলোকে মন্ত্ৰ পাঠ কৰিছিল আৰু বৈবাহিক সম্পৰ্কৰে বান্ধ খাইছিল।

Related News