১১ ডিচেম্বৰৰ পৰা অনলাইনযোগে উদযাপিত হ’ব পুনে সাহিত্য উৎসৱ

Dr. Y K Hamied, CMD, Cipla

১১ ডিচেম্বৰৰ পৰা ১৩ ডিচেম্বৰলৈ তিনিদিনীয়া কাৰ্য্যসূচীৰে পুনে আন্তঃৰাষ্ট্ৰীয় সাহিত্য উৎসৱ আৰম্ভ হ’ব।

চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া পুনে সাহিত্য উৎসৱৰ মূল বিষয় হিচাপে বাচি লোৱা হৈছে- ‘সামাজিক মাধ্যমৰ শক্তি’।

কোভিড মহামাৰীৰ বাবে চলিত বৰ্ষৰ পুনে সাহিত্য উৎসৱ অনলাইনত অনুষ্ঠিত কৰা হ’ব।

এইবাৰ পুনে সাহিত্য উৎসৱ অনলাইনত উদযাপিত হ’বলগীয়া হোৱা বাবে লেখকৰ কিতাপ স্বাক্ষৰকে আদি কৰি বিভিন্ন ধৰণৰ উপদানসমূহৰ সোৱাদ লাভৰ পৰা পাঠক সকল বঞ্চিত হ’ব।

সাহিত্যিক তথা পুনে সাহিত্য উৎসৱৰ নিৰ্দেশক মনজিৰি প্ৰভূৱে অনলাইনত উদযাপিত হ’বলগীয়া সাহিত্য উৎসৱক লৈ যথেষ্ট উৎসাহী হৈ আছে।

প্ৰভূৱে কোভিডৰ বাবে এইবাৰ ব্যতিক্ৰমী ৰূপত সাহিত্য উৎসৱখনি অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰি পাঠকে এক নতুন অভিজ্ঞতা লাভ কৰিব বুলিও আশাবাদী হৈ কয়।