NORTHEAST NOW (Assamese)

বাছৰ ভিতৰত যুৱতীক ধৰ্ষণৰ অভিযোগ; অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অভিযুক্তক

February 28, 2025 10:20 am · এন ই নাও নিউজ, নতুন দিল্লী

পুনেৰ স্বৰ্গগেট বাছ টাৰ্মিনেলত ২৬ বছৰীয়া এগৰাকী যুৱতীক বাছৰ ভিতৰতে ধৰ্ষণ কৰাৰ অভিযোগত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তৰ নাম দত্তত্ৰেয় ৰামদাস গাডে। ৭৫ ঘণ্টীয়া দীঘলীয়া তালাচী অভিযানৰ অন্তত শুকুৰবাৰে পুৱা শ্ৰীৰুৰ তালুকৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

মঙলবাৰে পুৱা সংঘটিত হৈছিল এই জঘন্য ঘটনা। যুৱতীগৰাকীয়ে পুনেৰ এটা ব্যস্ত বাছ টাৰ্মিনেলত সতৰা জিলাত নিজৰ ঘৰলৈ উভতি যাবলৈ বাছৰ বাবে অপেক্ষা কৰি আছিল। সেই ডিপোৰ পৰা মহাৰাষ্ট্ৰ ৰাজ্যিক পথ পৰিবহণ নিগমৰ অসংখ্য বাছ চলি থাকে।

যুৱতীগৰাকীয়ে অভিযোগ কৰে যে অভিযুক্ত যুৱকজনে প্ৰথমে তেওঁক ‘দিদি’ বুলি সম্বোধন কৰি সতৰালৈ যোৱা বাছখন আন এখন প্লেটফৰ্মত থিয় হৈ থকা বুলি কয়। তাৰ পাছত তেওঁক এখন খালী শিৱশাহী এ চি বাছলৈ লৈ যোৱা হ’ল, যিখনৰ ভিতৰত কোনো লাইট নাছিল। সন্দেহ হোৱাত মহিলাগৰাকীয়ে বাছত উঠিবলৈ দ্বিধাবোধ কৰিছিল যদিও অভিযুক্তই এইখন সঠিক বাছ বুলি আশ্বাস দিয়ে।

অভিযোগ অনুসৰি বাছত উঠাৰ লগে লগে অভিযুক্ত গাডেই তেওঁক আক্ৰমণ কৰে আৰু অৱশেষত ধৰ্ষণ কৰে বুলি অভিযোগ। তেতিয়াৰ পৰাই পলাতক হৈ আছিল অভিযুক্ত।

পুনেৰ গুনাট গাঁৱৰ বাসিন্দা ৩৭ বছৰীয়া গাডে পুনে আৰু আহলিয়ানগৰ জিলাৰ কেইবাটাও চুৰি, ডকাইতি আৰু ধন দাবীৰ গোচৰত অভিযুক্ত। ২০১৯ চনৰ পৰা এটা গোচৰত তেওঁ জামিনত বাহিৰত আছিল। জানিব পৰা মতে যোৱা কেইমাহমানৰ পৰা তেওঁ আৰক্ষী বিষয়াৰ ৰূপ লৈ বিভিন্ন অপৰাধ সংঘটিত কৰি আহিছে।

মঙলবাৰৰ এই কাণ্ডৰ পিছতে আৰক্ষীয়ে এই অভিযানত ড্ৰ’ন আৰু বিশেষভাৱে প্ৰশিক্ষিত কুকুৰ ব্যৱহাৰ কৰি গাডেক গ্ৰেপ্তাৰ কৰিবলৈ ৰাজ্যজুৰি ১৩টা দল মোতায়েন কৰে। পুনে চহৰ আৰু গ্ৰামাঞ্চলত বিশেষকৈ গুনাট গাঁও আৰু আখেত অঞ্চলত তালাচী চলোৱা হয়। পুনে আৰক্ষীয়ে অভিযুক্তৰ সন্ধান দিওতালৈ এক লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল।

Related News