পঞ্জাৱত ৰাজ্যসভাৰ পাঁচোখন আসনতে বিনাযুদ্ধে বিজয়ী আম আদমী পাৰ্টীৰ প্ৰাৰ্থী

নিশ্চিত পৰাজয়ৰ আশংকাত প্ৰাৰ্থী দিবলৈ সাহস নকৰিলে বিৰোধীয়ে

পঞ্জাৱত প্ৰথমবাৰৰ বাবে বিৰোধীয়ে ৰাজ্যসভাৰ কেউখন আসন শাসকীয় আম আদমী পাৰ্টীক এৰি দিবলগীয়া হয়।

৩১ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য খনৰ ৰাজ্যসভাৰ আসন কেইখনৰ বাবে বিজেপি, কংগ্ৰেছ আদি কোনো দলেই প্ৰাৰ্থী দিব নোৱাৰিলে।

আপৰ আধিপত্যৰ বাবেই নিশ্চিত পৰাজয়ৰ উমান পায়েই কোনো দলে এইবাৰ পঞ্জাৱত ৰাজ্যসভাৰ আসনত প্ৰাৰ্থী দিয়াৰ পৰা বিৰত থাকিল।

ফলত আম আদমী পাৰ্টী পাঁচোগৰাকী ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থীয়েই বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত কৰা হৈছে। আজি নিৰ্বাচন আয়োগে এই কথা সদৰী কৰিছে।

আম আদমী পাৰ্টীয়ে ৰাজ্য খনৰ পাঁচ খন ৰাজ্য সভাৰ আসনৰ বাবে প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিং, দলৰ নেতা ৰাঘৱ চাধা, লাভলী প্ৰফেছনেল বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক অশোক মিত্তাল, আইআইটি দিল্লীৰ অধ্যাপক সন্দীপ পাঠক আৰু উদ্যোগপতি সঞ্জীৱ অৰোৰাক মনোনীত কৰিছিল।

ৰিটাৰ্ণিং বিষয়া সুৰিন্দৰ পালে আপৰ পাঁচোজন প্ৰাৰ্থী ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাৰ কথা ঘোষণা কৰে।
ইয়াৰ পূৰ্বে পঞ্জাৱৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত পাঁচজন ৰাজনীতিক কেইগৰাকী আছিল ক্ৰমে সুখদেৱ সিং ধিন্দচা (এছএডি), নৰেশ গুজৰাল (এছএডি), পাৰ্থপ সিং বাজৱা (কংগ্ৰেছ), চমছেৰ সিং দুলো (কংগ্ৰেছ) আৰু শ্বেত মালিক (বিজেপি)ৰ কাৰ্যকাল ৯ এপ্ৰিলত অন্ত পৰিব।

উল্লেখ্য চাৰিখনকৈ ৰাজ্যত বিজেপিৰ বিজয়ৰ পৰিৱৰ্তে বিৰোধীক ধূলিস্যাৎ কৰি নিৰকুংশ বিজয়েৰে পঞ্জাৱ দখল কৰিবলৈ সক্ষম হৈছিল আম আদমী পাৰ্টীয়ে।

যোৱাটো কাৰ্যকালত বিৰোধীৰ আসনত থকা আপে এইবাৰ চমকপ্ৰদ উত্থানেৰে ১১৭ খন আসনৰ পঞ্জাৱ বিধানসভাত ৯২ খন আসনতেই বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়।

নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ পৰিৱৰ্তে কৰ্মময় ৰাজনীতিৰ এক নতুন ধাৰা গঢ়ি তোলা অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে দিল্লীৰ পিছতে দ্বিতীয় খন ৰাজ্য হিচাপে পঞ্জাৱত বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে।

আনহাতে ৰাজ্যখনত পূৰ্বৰ ক্ষমতাত থকা দল কংগ্ৰেছ এইবাৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হয়। আভ্যন্তৰীণ কন্দলে জুৰুলা কৰা কংগ্ৰেছে নিৰ্বাচনত সম্পূৰ্ণৰূপে মুখথেকেচা খায়।

শেহতীয়া নিৰ্বাচনত ৰাজ্যখনৰ বিদায়ী মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা চৰণজিৎ সিং চন্নী, প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী নৱজোৎ সিং সিদ্ধুৰ লগত প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং, প্ৰকাশ সিং বাদলৰ দৰে হাইপ্ৰফাইল নেতাই পৰাজয় বৰণ কৰিবলগীয়া হৈছে।