NORTHEAST NOW (Assamese)

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

July 7, 2022 10:24 am · এন ই নাও নিউজ,গুৱাহাটী

আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান৷ ৪৮ বছৰীয়া মানে ডাঃ গুৰপ্ৰীত কৌৰৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব বুলি জানিব পৰা গৈছে৷

বিয়াখনত কেৱল পৰিয়াল আৰু নিকট আত্মীয় উপস্থিত থাকিব।

ভগৱন্ত মানৰ এই বিবাহ অনুষ্ঠানত উপস্থিত থাকিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ পৰিয়াল৷

২০১৫ চনত তেওঁৰ প্ৰথম পত্নী ইন্দ্ৰপ্ৰীত কৌৰৰ পৰা পৃথক হোৱাৰ পিছত এয়া মানৰ দ্বিতীয় বিবাহ। তেওঁৰ প্ৰথমা পত্নীৰ পৰা কন্যা সীৰত কৌৰ মান আৰু পুত্ৰ দিলশান মান নামৰ দুটা সন্তানো আছে।

তেওঁলোকে এই বছৰৰ মাৰ্চ মাহত মানৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমেৰিকাৰ পৰা আহিছিল। কেবিনেট মন্ত্ৰী হৰজ্যোট সিং বেইন্সে টুইটাৰযোগে মুখ্যমন্ত্ৰীক অভিনন্দন জনাইছে।

গুৰপ্ৰীত কৌৰৰ বয়স ৩২ বছৰ। কৌৰৰ পৰিয়াল কুৰুক্ষেত্ৰৰ পোহৱা এলেকাৰ বাসিন্দা৷ পঞ্জাব বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ভগৱন্ত মানক সহায়ো কৰিছিল গুৰপ্ৰীত কৌৰে৷

Related News