NORTHEAST NOW (Assamese)

বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে পঞ্জাৱৰ মুখ্য মন্ত্ৰী অমৰিন্দৰ সিঙৰ ধৰ্ণা

September 28, 2020 4:25 pm · এন ই নাও নিউজ

বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ সময়তে আজি পঞ্জাৱৰ মুখ্য মন্ত্ৰী অমৰিন্দৰ সিঙেও এই আইনৰ বিৰুদ্ধে ধৰ্ণাত বহে।

এই শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচী ছহিদ ভগৎ সিঙৰ পিতৃৰ গাঁও খটকৰ কলনত অনুষ্ঠিত হৈছিল।

মুখ্য মন্ত্ৰী সিঙে এই কৃষক বিৰোধী আইনৰ তীব্ৰ বিৰোধিতা কৰি আজি এটা টুইটো কৰে।

টুইটোত তেওঁ কয় যে বিজেপি চৰকাৰে অনা কৃষক বিৰোধী আইনৰ বিৰুদ্ধে মোৰ লগতে পঞ্জাৱ এন চি পিৰ নেতৃত্বই ছহিদ ভগৎ সিং নগৰৰ খটকৰ কলনত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো।

এই আইনে কৃষক সকলক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিব বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী সিঙে কয় যে আমি পঞ্জাৱৰ কৃষকৰ সৈতে আছো আৰু ইয়াৰ বিৰুদ্ধাচৰণ কৰাৰ বাবে সকলো কৰিম।

বিতৰ্কিত কৃষি আইনক লৈ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশতো প্ৰতিবাদ হোৱাৰ সময়তে নিজৰ মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত পঞ্জাৱৰ তিনিগৰাকী বিজেপি নেতাই দল ত্যাগ কৰাৰ লগতে ইতিমধ্যে NDA এৰিছে শিৰোমণি আকালি দলে।

আকালি দলৰ নেতা সুখবীৰ সিং বাদলে শনিবাৰে এই কথা ঘোষণা কৰে।

উল্লেখ্য যে ২৭ ছেপ্তেম্বৰ অৰ্থাৎ দেওবাৰে ৰাষ্ট্ৰপতিয়ে বিধেয়ক তিনিখনত স্বাক্ষৰ কৰাৰ লগে লগে তিনিওখন কৃষি বিধেয়ক আইনত পৰিণত হ’ল।

Related News