পঞ্জাৱৰ কেবিনেট মন্ত্ৰী ৰাজিন্দৰ সিং বাজৱা কোভিড-১৯ প’জিটিভ

ৰাজিন্দৰ সিং বাজৱা, উৎস-ইণ্টাৰনেট

পঞ্জাৱৰ গ্ৰাম্য উন্নয়ণ আৰু পঞ্চায়তী ৰাজ বিভাগৰ কেবিনেট মন্ত্ৰী ৰাজিন্দৰ সিং বাজৱাৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

বিগত শুকুৰবাৰে  মন্ত্ৰী ৰাজিন্দৰ সিঙৰ ক’ৰ’নাৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল আৰু ফলাফল প’জিটিভ আহে।

শনিবাৰে ৰাজিন্দৰ সিঙৰ স্বোৱাৰ নমুনাৰ ফলাফল নিগেটিভ অহাৰ পাছত পুনৰ দ্বিতীয় বাৰৰ বাবে পৰীক্ষা কৰা হয় আৰু দ্বিতীয় বাৰৰ পৰীক্ষাত তেওঁৰ ফলাফল প’জিটিভ আহে।

বৰ্তমান সিঙত চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, ক’ৰ’নাৰ সংক্ৰমণৰ ফলত দেশৰ বিভিন্ন ৰাজ্যৰ ভালে সংখ্যক মন্ত্ৰী, বিধায়ক ক’ৰ’না আক্ৰান্ত হৈছে।

তামিলনাডুৰ মুঠ ১১ গৰাকী বিধায়ক ক’ৰ’না আক্ৰান্ত হোৱাৰ বিপৰীতে দিল্লীৰ স্বয়ং স্বাস্থ্য মন্ত্ৰী গৰাকী ক’ৰ’না প’জিটিভ হয়।

অসমৰো কেইবাগৰাকী বিধায়কৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি ধৰা পৰিছে।