দেওবাৰে কট্টৰ শিখ নেতা অমৃতপল সিঙ আৰু তেওঁৰ চাৰিজন সহযোগীক পঞ্জাৱৰ পৰা ডিব্ৰুগড় জিলালৈ অনা হয়। বহুদিন ধৰি পলাতক হৈ আছিল অমৃতপল সিঙ।
আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁলোকক আই এ এফৰ বিশেষ বিমানেৰে ডিব্ৰুগড়লৈ অনা হৈছিল।
উগ্ৰ নেতাগৰাকীৰ লগত পঞ্জাৱ আৰক্ষীৰ কাৰাগাৰ মহাপৰিদৰ্শককে ধৰি ২৭ জনীয়া এটা দলো আছিল।
ডিব্ৰুগড়ৰ উপ আয়ুক্ত বিশ্বজিৎ পেগু আৰু আৰক্ষী অধীক্ষক শ্বেতংক মিশ্ৰৰ নেতৃত্বত মোহনবাৰী বিমানবন্দৰৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অনা হয় কট্টৰ নেতা কেইগৰাকীক।
ইতিমধ্যে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰতো কটকটীয়া কৰা হৈছে নিৰাপত্তা।
উল্লেখ্য যে ১৮ মাৰ্চত পঞ্জাৱ আৰক্ষীয়ে প্ৰ’–খালিস্তান আউটফিট, ৱাৰিছ পঞ্জাব ডিৰ মুৰব্বী অমৃতপল সিঙক পলাতক বুলি ঘোষণা কৰিছিল। পঞ্জাৱ আৰক্ষীয়ে ৰাজ্যজুৰি ব্যাপক ঘেৰাও আৰু তালাচী অভিযান চলাই উগ্ৰবাদী শিখ কেইজনক গ্ৰেপ্তাৰ কৰে।
জানিব পৰা মতে পঞ্জাৱ আৰক্ষীয়ে এতিয়ালৈকে মুঠ ৭৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে।
অমৃতপল সিঙ আৰু তেওঁৰ সহযোগী সকলক অসমলৈ অনাৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এতিয়ালৈকে কোনো সবিশেষ প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছে আৰক্ষীয়ে।