দেওবাৰে ন্যায় বিচাৰি দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ ঘৰলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰা হয়। হায়দৰাবাদৰ এখন থিয়েটাৰত পুষ্পা ২ চিনেমা চাবলৈ যোৱাৰ সময়ত পদপিষ্ট হৈ মৃত্যু হয় এগৰাকী মহিলা অনুৰাগীৰ। সেই ঘটনাৰ প্ৰতিক্ৰিয়াতে এই কাণ্ড।
দেওবাৰে হায়দৰাবাদৰ জুবিলী হিলছত থকা আল্লু অৰ্জুনৰ ঘৰত আক্ৰমণ কৰে ওছমানিয়া বিশ্ববিদ্যালয়ৰ যুটীয়া কাৰ্য্য সমিতিৰ কেইবাজনো সদস্যই।
তেওঁলোকে অভিনেতাজনৰ ঘৰ লণ্ডভণ্ড কৰে। ঘটনাৰ পিছতে আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অভিযান চলাই আঠজন লোকক আটক কৰে। তেওঁলোকক জুবিলী হিলছ আৰক্ষী থানালৈ অনা হয়। ঘটনাৰ সময়ত ঘৰত উপস্থিত নাছিল আল্লু অৰ্জুন। ছচিয়েল মিডিয়াত নিমিষতে ভাইৰেল হৈ পৰে এই আক্ৰমণৰ এটা ভিডিঅ’। তাত দেখা যায় এদল লোকে বলপূৰ্বকভাৱে ঘৰত প্ৰৱেশ কৰি তাণ্ডৱ চলায় আৰু লগতে ঘৰৰ বাহিৰত ৰখা বিভিন্ন ফুলৰ টাবো ভাঙি পেলায়।
ঘটনা পোহৰলৈ অহাৰ মাত্ৰ এঘণ্টা পূৰ্বে আল্লু অৰ্জুনে নিজৰ ছ’চিয়েল মিডিয়াত নিজৰ অনুৰাগীলৈ বাৰ্তা প্ৰেৰণ কৰে। তেওঁ কয়, ‘মোৰ সকলো অনুৰাগীকে নিজৰ অনুভৱ সঠিকভাৱে আৰু দায়িত্বশীলভাৱে প্ৰকাশ কৰিবলৈ অনুৰোধ জনাইছো। ছ’চিয়েল মিডিয়াত হওক বা ব্যক্তিগতভাৱে হওক, কোনো ঠাইতে অশ্লীল বা অশোভনীয় শব্দ ব্যৱহাৰ নকৰিব। যদি কোনো ভুৱা প্ৰফাইলৰ পৰা মোৰ নাম লৈ এই কাম কৰে তেন্তে মই তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লম।’
উল্লেখ্য যে যোৱা ৪ ডিচেম্বৰত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত অনুষ্ঠিত হোৱা ‘পুষ্পা ২’ৰ প্ৰিমিয়াৰত আল্লু অৰ্জুনৰ আগমনৰ পিছতে বিশৃংখলতাৰ সৃষ্টি হয়, যাৰ ফলত পদপিষ্ট হৈ এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে পুত্ৰ গুৰুতৰভাৱে আহত হয়।
দেওবাৰে এই মৰ্মান্তিক ঘটনাৰ পিছতে আল্লু অৰ্জুনৰ ঘৰত আক্ৰমণ সংঘটিত হয়। ওছমানিয়া বিশ্ববিদ্যালয়ৰ যুটীয়া কাৰ্য্য সমিতিৰ সদস্যসকলে মহিলাগৰাকীৰ পৰিয়ালক এক কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ দাবী জনায়। এই দাবীৰে তেওঁলোকে আল্লুৰ ঘৰত আক্ৰমণ চলায়।