NORTHEAST NOW (Assamese)

সন্মুখৰ পৰা নেতৃত্ব! সামৰিক সমাৱেশ পৰিদৰ্শন কৰি স্নাইপাৰ চলালে পুটিনে (চাওক ভিডিঅ’)

October 21, 2022 8:37 pm · এন ই নাও নিউজ, গুৱাহাটী

Putin fires Sniper Gun in a show of support to Russian forces ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে সামৰিক সমাৱেশ পৰিদৰ্শন কৰিবলৈ গৈছিল। তাত তেওঁ তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সেনাত যোগদান কৰা ৰাছিয়াৰ নাগৰিকসকলৰ সামৰিক প্ৰশিক্ষণ কাৰ্যসূচী পৰিদৰ্শন কৰে।

তাত গৈ পুটিনে নিজেই এছভিডি স্নাইপাৰৰ পৰা কেইবা ৰাউণ্ড গুলী চালনা কৰে। পুটিনে নিজে হাতত অস্ত্ৰ তুলি লৈ সামৰিক শিৱিৰত অংশগ্ৰহণ কৰা ৰাছিয়াৰ  নাগৰিকসকলক সাহস দিয়ে। তেওঁলোকৰ বহুতকে কাষৰ পৰা শুভকামনা জনায়।

এটা ভিডিঅ’ ফুটেজত পুটিনে স্নাইপাৰ ৰাইফলৰে কেইবা ৰাউণ্ড গুলী চালনা কৰা দেখা গৈছে। এই সময়ছোৱাত তেওঁ এজন সৈনিকৰ কান্ধত হাত ৰাখি তেওঁক শুভকামনা জনায়।

পুটিনে সৈনিকসকলৰ বাবে তৈয়াৰ কৰা বিভিন্ন প্ৰকাৰৰ জোতা আৰু কাপোৰৰ ডিজাইনো পৰীক্ষা কৰি চায়।

Related News