ইউক্ৰেইনৰ দুটা অঞ্চলক স্বাধীন ঘোষণা কৰিলে পুটিনে; আমেৰিকাকে ধৰি পশ্চিমৰ প্ৰতিক্ৰিয়া

Russia-Ukrain

ইউক্ৰেইনৰ পূব অঞ্চলৰ বিচ্ছিন্নতাবাদীৰ নিয়ন্ত্ৰণত থকা দুটা অঞ্চলক স্বাধীন হিচাপে স্বীকৃতি দিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। সোমবাৰে নিশা ডোনেটস্ক আৰু লুহানস্ক অঞ্চল দুটাক স্বাধীনতা প্ৰদান সংক্ৰান্তীয় নিৰ্দেশনাত পুটিনে স্বাক্ষৰ কৰে।

ৰাষ্ট্ৰপতি পুটিনৰ এই  সিদ্ধান্তৰ বিৰুদ্ধে আমেৰিকা, ইউৰোপীয় ইউনিয়ন, ৰাষ্ট্ৰসংঘ তথা নাটো মিত্ৰজোঁটকে ধৰি বিভিন্ন পক্ষই তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

আমেৰাকাৰ ৰাষ্ট্ৰপতি জো বিডেনে ইউক্ৰেইনৰ উক্ত অঞ্চল দুটাত যিকোনো ধৰণৰ ধন বিনিয়োগ, ব্যৱসায় তথা আন কোনো ধৰণৰ লেনদেনৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে। যিয়ে এই নিৰ্দেশনা অমান্য কৰিব তেওঁলোক কঠোৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব বুলিও সকীয়াই দিছে।

লগতে পঢ়ক: উদাসীন চৰকাৰ! ১০০জনলৈ বৃদ্ধি পালে ৰাজ্যত কাগজ কলৰ কৰ্মচাৰীৰ মৃত্যুৰ সংখ্যা

হোৱাইট হাউছৰ সূত্ৰ অনুসৰি, ৰাষ্ট্ৰপতি বিডেনে বিষয়টোক লৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেকৰণ আৰু জাৰ্মানীৰ চেঞ্চেলৰ ওলাফ ছোলৎসৰ সৈতে আধা ঘন্টা সময় টেলিফোনিক বাৰ্তালাপ কৰে।

পাশ্চাত্যৰ এই তিনিওগৰাকী নেতাই পুটিনৰ সিদ্ধান্তক তীব্ৰ গৰিহনা দিয়ে আৰু এইক্ষেত্ৰত তেওঁলোকৰ পৰৱৰ্তী পদক্ষেপ সম্পৰ্কে আলোচনা কৰে। মঙলবাৰে ৰাষ্ট্ৰপতি বিডেনে আৰু কিছু নিষেধাজ্ঞা জাৰি কৰাৰ সম্ভাৱনা আছে।

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এন্টোনিও গুটৰেছৰ মুখপাত্ৰ ষ্টেফান ডুজাৰিকে কয় যে ৰাষ্ট্ৰপতি পুটিনেৰ এই পদক্ষেপ ইউক্ৰেইনৰ সাৰ্বভৌমত্ব তথা অখণ্ডতাৰ লগতে ৰাষ্ট্ৰসংঘৰ ঘোষণাৰ পৰিপন্থী। তেওঁ সকলো পক্ষকে উত্তেজনা নিয়ন্ত্ৰণ কৰি কূটনৈতিক উপায়েৰে সমস্যাৰ সমাধান কৰিবলৈ আহ্বান জনায়।

আনহাতে, ইউৰোপীয় ইউনিয়নে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে ইউনিয়নৰ অন্তৰ্ভুক্ত দেশসমূহে ঐক্যবদ্ধভাৱে ইউক্ৰেইনৰ সৈতে থিয় দিব আৰু ৰাছিয়াক প্ৰত্যুত্তৰ দিব।

সেইদৰে, নাটো মিত্ৰজোঁটৰ সচিব প্ৰধান জেন্স ষ্টোলেনবাৰ্গে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ পদক্ষেপক ইউক্ৰেইনৰ স্বাধীনতা তথা সাৰ্বভৌমত্বৰ উলংঘন বুলি উল্লেখ কৰি কয় যে ইয়াৰ ফলত পূব ইউক্ৰেইনত শান্তি প্ৰতিষ্ঠা বিষয়ক ২০১৫চনত স্বাক্ষৰ কৰা চুক্তি প্ৰায় অৰ্থহীন হৈ পৰিব।