• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুনৰ চৰ্চাত পুটিনৰ প্ৰাক্তন প্ৰেমিকা! কোন এই এলিনা কাবায়েভা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 7, 2022 12:05 pm
পুনৰ চৰ্চাত পুটিনৰ প্ৰাক্তন প্ৰেমিকা! কোন এই এলিনা কাবায়েভা?
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযান চলোৱাৰ পিছৰে পৰা সমগ্ৰ বিশ্বতে চৰ্চাৰ মধ্যমনি হৈ উঠিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। যুদ্ধৰ বাবে ব্যাপক নিষেধাজ্ঞাৰ সন্মুখীন হৈছে ৰাছিয়া। আমেৰিকা, ইউৰোপীয় ইউ নিয়নৰ দেশসমূহৰ লগতে আন পাশ্চাত্যৰ দেশৰ ৰোষত পৰিছে ৰাছিয়া।

যোৱা মাহত আমেৰিকা, ব্ৰিটেইন, ইউৰোপীয় ইউনিয়ন আৰু জাপানে পুটিনৰ কন্যা মাৰিয়া ভৰন্তছোভা আৰু কেটৰিনা টিখানোভাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। তেওঁলোক হৈছে পুটিনৰ প্ৰাক্তন পত্নী লুডমিলাৰ সন্তান।

ইপিনে, যুদ্ধই প্ৰায় আঢ়ৈ মাহ অতিক্ৰম কৰাৰ সময়তে  পুনৰ মেল খাইছে পুটিনৰ ব্যক্তিগত জীৱনৰ গোপন অধ্যায়। পাশ্চাত্যৰ সংবাদমাধ্যমে পুটিনৰ চৰ্চিত প্ৰেমিকা এলিনা কাবায়েভাৰ সম্পৰ্কত বিভিন্ন প্ৰতিবেদন প্ৰকাশ কৰিছে।

পশ্চিমৰ দেশসমূহে পুটিনৰ প্ৰাক্তন প্ৰেমিকা আৰু তেওঁৰ সন্তানৰ পিতৃ এলিনা কাবায়েভাক লক্ষ্য কৰি ল’ব পাৰে বুলিও প্ৰতিবেদনসমূহত কোৱা হৈছে।

ইতিমধ্যে পুটিন ঘনিষ্ঠ বহুতৰে ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে যদিও এতিয়ালৈকে কাবায়েভাক কোনেও অসুবিধা দিয়া নাই। তাৰ মাজতে তেওঁ অৱশ্যে কিছু বিপদৰ সংকেত লাভ নকৰা নহয়। যোৱা মাৰ্চ মাহত এখন অনলাইন আবেদনত ছুইজাৰলেণ্ডত থকা তেওঁৰ বাসভৱনৰ পৰা বহিস্কাৰৰ দাবী উঠিছিল।

ব্ৰিটিছ সংবাদ মাধ্যম বিবিচিয়ে এই সূত্ৰৰ উদ্ধৃতিৰে বাতৰি প্ৰকাশ কৰিছে যে ইউৰোপীয় ইউনিয়ন কৰ্তৃপক্ষৰ অনুমোদিত নিষেধাজ্ঞা আৰোপ কৰিবলগীয়া অন্তিম তালিকাত কাবায়েভাৰ নামো আছে।

বাতৰি অনুসৰি ক্ৰেমলিনৰ প্ৰচাৰ-প্ৰসাৰত ভূমিকা থকাৰ অভিযোগত তথা পুটিনৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ বাবে কাবায়েভাক লক্ষ্য কৰি লোৱা হ’ব পাৰে।

ৰাছিয়াৰ শক্তিশালী ৰাষ্ট্ৰনেতা পুটিনে তেওঁৰ ব্যক্তিগত জীৱন সদায়েই গোপনে ৰাখি আহিছে। এই বিষয়ে কিবা সুধিলে তেওঁ সেয়া এৰাই চলে। কাবায়েভাৰ সৈতে সম্পৰ্কৰ কথাও  তেওঁ আগেয়ে অস্বীকাৰ কৰিছে।

একাংশ সংবাদ মাধ্যমৰ দাবী যে ব্যক্তিগত জীৱনত পুটিন এগৰাকী অতি ৰোমান্টিক ব্যক্তি। প্ৰায় ওক দশক ধৰি এলিনা কাবিয়েভাৰ সৈতে তেওঁৰ নাম জড়িত হৈ আহিছে। ৩৮ বছৰীয়া কাবায়েভা এগৰাকী জিমনাষ্ট। তদুপৰি, তেওঁ অলিম্পিকৰ স্বৰ্ণ বিজয়ী। তেওঁ পুটিনৰ দুটি সন্তানৰ মাতৃ বুলিও অনুমান কৰা হয়।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু লুডমিলাৰ মাজত সুদীৰ্ঘ প্ৰায় ৩০ বছৰ বৈবাহিক সম্পৰ্ক অটুট আছিল। ২০১৪ চনত তেওঁলোকৰ বিচ্ছেদ ঘটে। তেতিয়া পুটিনে সেয়া তেওঁলোকৰ উমৈহতীয়া সিদ্ধান্ত বুলি জানিবলৈ দিছিল। লুডমিলা-পুটিনৰ দুটি কন্যা সন্তান আছে।  

২০০৮ চনত প্ৰথমবাৰ পুটিনৰ সৈতে এলিনা কাবায়েভাৰ সম্পৰ্কৰ কথা পোহৰলৈ আহে। মস্কোৰ পৰা প্ৰকাশিত এখন সংবাদপত্ৰই এই দাবী কৰিছিল। ২০১৩চনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু পত্নী লুডমিলাৰ ৩০ বছৰীয়া সম্পৰ্কৰ অৱসান ঘটাৰ পিছত এলিনাক ৰাছিয়াৰ ‘ফাৰ্ষ্ট লেডী’ বুলি কোৱা আৰম্ভ হৈছিল।

২০১৬ চনত এলিনাক মুকলিকৈ এটা আঙুঠি পিন্ধা দেখা গৈছিল। তেওঁ সেই সময়ত কেমেৰাৰ পৰা বাচিবলৈ চেষ্টা কৰাও দেখা গৈছিল। ২০১৭চনত এলিনা অন্ত:সত্তা হোৱাৰ খৱৰ বিয়পে। তেওঁ তেতিয়া এখন জিমন্যাষ্টিক প্ৰতিযোগিতাত অংশ ল’বলৈ আহিছিল য’ত তেওঁ শিথিল ৰঙা পোছাক এযোৰ পিন্ধা দেখা গৈছিল আৰু গৰ্ভাৱস্থা লুকুৱাবৰ বাবেই  সেয়া কৰিছিল বুলি চৰ্চা চলিছিল।

ইয়াৰ পিছতে ৰাছিয়াৰ এখন কাকতে তেওঁলোকৰ বিয়াৰ খৱৰো প্ৰকাশ কৰে যদিও সেয়া প্ৰত্যাখ্যান কৰা হয়। কিন্তু দুয়োজনৰে ছবি একেলগে প্ৰকাশ হোৱাৰ পিছতে তেওঁলোকৰ সন্তানকলৈয়ো চৰ্চা চলে। অৱশ্যে সচৰাচৰৰ দৰে পুটিনে তেওঁৰ ব্যক্তিগত জীৱনৰ কথা গোপনেই ৰাখে।

এলিনাৰ সম্পূৰ্ণ নাম এলিনা মাৰটোভিনা কাবায়েভা। তেওঁ এগৰাকী ৰাছিয়ান ৰাজনীতিবিদ, মিডিয়া মেনেজাৰ আৰু অৱসৰী জিমনাষ্ট। ১৯৮৩চনৰ ১২ মে’ত সেই সময়ৰ ছোভিয়েট ইউনিয়নৰ অন্তৰ্ভুক্ত উজবেকিস্তানত এলিনাৰ জন্ম। এলিনাৰ পিতৃ মাৰা কাবায়েভা এগৰাকী পেছাদাৰী ফুটবলাৰ আছিল। এলিনা  ৰিদ’মিক জিমনাষ্টৰ প্ৰতিভাশালী তাৰকা হিচাপে উজলি উঠিছিল। ২০০০ চনৰ ছিডনিৰ এথেন্স গেমছত এলিনাই জিমনাষ্টত ব্ৰঞ্জৰ পদক লাভ কৰে। ২০০৪চনত তেওঁ স্বৰ্ণপদক অৰ্জন কৰে। নিজৰ কেৰিয়াৰত এলিনাই দুটা অলিম্পিক পদক, ১৪টা বিশ্ব চেম্পিয়নশ্বিপ আৰু ২১টা ইউৰোপিয়ান চেম্পিয়নশ্বিপ জয় কৰিছে।

ক্ৰীড়াৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত এলিনাই ৰাজনীতিত জড়িত হৈ পৰে। তেওঁক ইউনাইটেড ৰাছিয়া পাৰ্টিৰ পৰা সাংসদ কৰা হয়। তাৰপিছতে এলিনা ৰাষ্ট্ৰীয় গণমাধ্যম গ্ৰুপৰ অধ্যক্ষ হয়।         

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছাগলী মাংসৰ থলুৱা ব্যঞ্জন শিকো আহক

ছাগলী মাংসৰ থলুৱা ব্যঞ্জন শিকো আহক

August 20, 2025 6:30 am
গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

August 19, 2025 7:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাগলী মাংসৰ থলুৱা ব্যঞ্জন শিকো আহক

ছাগলী মাংসৰ থলুৱা ব্যঞ্জন শিকো আহক

August 20, 2025 6:30 am
গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd