NORTHEAST NOW (Assamese)

কাটাৰ বিশ্বকাপত বিক্ৰী কৰিব নোৱাৰা বিয়েৰ বিশ্বকাপৰ চেম্পিয়ন হোৱা দেশত বেচিব বাডৱাইজাৰে

November 20, 2022 4:26 pm · এন ই নাও নিউজ,গুৱাহাটী

এইবাৰ কাটাৰ বিশ্বকাপত নিষিদ্ধ কৰা হৈছে বিয়েৰকে ধৰি যিকোনো সুৰা। এনে সময়তে বিপাঙত পৰিছে কাটাৰলৈ কাৰ্টুনে কাৰ্টুনে বিয়েৰ বিক্ৰীৰ বাবে পঠিওৱা কোম্পানী বাডৱাইজাৰ।

কোম্পানীটোৱে এতিয়া সেই বিয়েৰ বাহিৰতো বিকিব নোৱাৰে। কাৰণ বিয়েৰৰ কেন সমূহত লগোৱা আছে বিশ্বকাপৰ ল’গ’ আৰু ছবি। এনে পৰিস্থিতিত কোম্পানীটোৱে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। সিদ্ধান্ত অনুসৰি কাটাৰলৈ পঠিওৱা বিয়েৰ বিশ্বকাপৰ চেম্পিয়ন হোৱা দেশ খলত বিক্ৰী কৰা হ’ব।

কোম্পানীটোৱে কাটাৰলৈ বিয়েৰৰ কেনসমূহ সেয়ে ঘূৰাই নিয়াৰ ব্যৱস্থা কৰিছে। কোম্পানীটোৱে প্ৰকাশ কৰা মতে বিশ্বকাপৰ বাবে অনা বৃহৎ মাত্ৰাৰ বিয়েৰ সেই খন দেশলৈ প্ৰেৰণ কৰিব যিখন দেশ বিশ্বকাপত চেম্পিয়ন হ’ব।

কোম্পানীটোৱে বিশ্ব বিজয়ী দেশখনৰ ফুটবল অনুৰাগীসকলক উৎসৱৰ উদযাপনৰ বাবে সকলো বিয়েৰ প্ৰেৰণ কৰা হ’ব।উল্লেখ্য প্ৰতিযোগিতা আৰম্ভ হোৱাৰ মাত্ৰ দুদিন আগতে ৰজাৰ ভাতৃ শ্বেখ জছিম বিন হামাদ বিন খলিফা আল-থানিয়ে বিশ্বকাপৰ ষ্টেডিয়ামত বিয়েৰ বিক্ৰীত আপত্তি জনাইছিল। শ্বেখ জছিম বিন হামাদ বিন খলিফা আল-থানি কাটাৰ ফুটবল এছ’চিয়েশ্যনৰ সভাপতিও।

Related News