QS World University Rankings 2026: তালিকাৰ শীৰ্ষত এমআইটি, ভাৰতৰো অগ্ৰগতি দেখিবলৈ পোৱা গ’ল এই তালিকাত
আজি অৰ্থাৎ ১৯ জুনত প্ৰকাশ পালে কিউএছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং-২০২৬। এই তালিকাত ১০০খনতকৈও অধিক দেশৰ ১৫০০ৰো অধিক বিশ্ববিদ্যালয়ক স্তাহ্ন প্ৰদান কৰা হৈছে, যিয়ে বিশ্বৰ উচ্চ শিক্ষাৰ পৰিৱৰ্তনক প্ৰতিফলিত কৰিছে। কিউএছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং-২০২৬ তালিকাত আমেৰিকা শীৰ্ষত থকাৰ বিপৰীতে এছিয়া আৰু ইউৰোপৰ বিশ্ববিদ্যালয়সমূহেও অগ্ৰগতি লাভ কৰিছে।
এই তালিকাত চীনৰ বিশ্ববিদ্যালয়সমূহৰ উত্থান দেখিবলৈ পোৱা গ’ল। গৱেষণা আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে চীনৰ বিশ্ববিদ্যালয়সমূহে এই ৰেংকিঙত অগ্ৰগতি লাভকৰিছে কৰিছে। পিকিং বিশ্ববিদ্যালয়ে ১৪ নম্বৰ স্থানত, চিংহুয়া বিশ্ববিদ্যালয়ে এটা স্থান বৃদ্ধি পাই ১৭ নম্বৰত, আৰু ফুডান বিশ্ববিদ্যালয়ে ৯ স্থান বৃদ্ধি পাই ৩০ নম্বৰ স্থান লাভ কৰিলে, যিটো এটা ডাঙৰ কৃতিত্ব।
এই তালিকাৰ প্ৰথম স্থানত আছে এএম আই টি। শীৰ্ষ দহটা স্থানত আধিপত্য বিস্তাৰ কৰিছে আমেৰিকা আৰু ব্ৰিটেইনে। একেৰাহে ১৪ বৰ্ষৰ বাবে বিশ্বৰ শীৰ্ষ বিশ্ববিদ্যালয় হিচাপে নিৰ্বাচিত হৈছে মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি। ইম্পেৰিয়েল কলেজ লণ্ডন (ইউ কে) দ্বিতীয় স্থানত থকাৰ বিপৰীতে ষ্টেনফৰ্ড ইউনিভাৰ্চিটি (আমেৰিকা) ষষ্ঠৰ পৰা তৃতীয় স্থানলৈ উন্নীত হৈছে। আন শীৰ্ষ ১০খন বিশ্ববিদ্যালয়ৰ ভিতৰত আছে ইউনিভাৰ্চিটি অৱ অক্সফৰ্ড (ইউ কে), হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি (আমেৰিকা), ইউনিভাৰ্চিটি অৱ কেম্ব্ৰিজ (ইউ কে), ই টি এইচ জুৰিখ (ছুইজাৰলেণ্ড), নেচনেল ইউনিভাৰ্চিটি অৱ ছিংগাপুৰ (এন ইউ এছ), ইউনিভাৰ্চিটি কলেজ লণ্ডন (ইউচিএল, ইউ কে) আৰু কেলিফৰ্নিয়া ইনষ্টিটিউট অৱ টেকন’লজি (কেলটেক, আমেৰিকা)। এই তালিকাত আমেৰিকাত সৰ্বাধিক বিশ্ববিদ্যালয় আছে, ১৯২ খন প্ৰতিষ্ঠান আছে, ইয়াৰে বহুতৰে ৰেংকিং উন্নত হৈছে।
একেদৰে এই তালিকাত ইউৰোপৰো শিক্ষা প্ৰতিস্থানৰ উত্থান ঘটিছে। ইটালীয়ে শীৰ্ষ ১০০ ৰ ভিতৰত স্থান লাভ কৰিছে। শেহতীয়াকৈ জাৰ্মান বিশ্ববিদ্যালয়সমূহও এই তালিকাত স্থান উন্নিত হৈছে, ইটালীত পলিটেকনিকো ডি মিলানোৱে ৯৮ নম্বৰ স্থানত বিশ্বৰ শীৰ্ষ ১০০ ৰ ভিতৰত প্ৰৱেশ কৰি ইতিহাস ৰচনা কৰে।
ইফালে কিউএছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং ২০২৬ত ভাৰতে এতিয়ালৈকে সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে। ভাৰতে আমেৰিকা, ব্ৰিটেইন আৰু চীনৰ পিছত বিশ্বজুৰি চতুৰ্থ সৰ্বাধিক প্ৰতিনিধিত্বমূলক দেশ হিচাপে পৰিগণিত হৈছে। আই আই টি দিল্লীয়ে ১৫০ নম্বৰ স্থানৰ পৰা ১২৩ নম্বৰ স্থানলৈ অগ্ৰগতি লাভ কৰে।
২০২৬ চনৰ QS ৰেংকিঙৰ শীৰ্ষ ১০ খন বিশ্ববিদ্যালয়-
- মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি (এম আই টি) – আমেৰিকা
- ইম্পেৰিয়েল কলেজ লণ্ডন – ইউ কে
- ষ্টেনফৰ্ড বিশ্ববিদ্যালয় – আমেৰিকা
- অক্সফৰ্ড বিশ্ববিদ্যালয় – ব্ৰিটেইন
- হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় – আমেৰিকা
- কেম্ব্ৰিজ বিশ্ববিদ্যালয় – ব্ৰিটেইন
- ইটিএইচ জুৰিখ – চুইজাৰলেণ্ড
- ছিংগাপুৰৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় (এন ইউ এছ) – ছিংগাপুৰ
- ইউনিভাৰ্চিটি কলেজ লণ্ডন (ইউচিএল) – ব্ৰিটেইন
- কেলিফৰ্ণিয়া ইনষ্টিটিউট অৱ টেকন’লজি (কেলটেক) – আমেৰিকা
ৰেংকিঙৰ বাবে নতুন নিয়ম
২০২৬ চনৰ বাবে QS এ নিজৰ যোগ্যতাৰ নিয়ম সলনি কৰিছে। এছিয়া, ইউৰোপ, লেটিন আমেৰিকা আৰু আৰব অঞ্চলৰ দৰে অঞ্চলৰ বিশ্ববিদ্যালয়সমূহে এতিয়া কেৱল আঞ্চলিকভাৱে শীৰ্ষ ৫০% স্থানত থকাতকৈ বিশ্বৰ তালিকাত স্থান লাভ কৰিবলৈ নিজৰ আঞ্চলিক ৰেংকিঙত স্থান লাভ কৰিব লাগিব।