NORTHEAST NOW (Assamese)

কৰ’নাৰ ভেকচিন ল’লে ব্ৰিটেইনৰ ৰাণী এলিজাবেথ আৰু স্বামী প্ৰিন্স ফিলিপছে

January 10, 2021 12:04 pm · এন ই নাও নিউজ
ৰাণী এলিজাবেথ আৰু স্বামী প্ৰিন্স ফিলিপছ।

ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথ আৰু তেওঁৰ স্বামী ডিউক অফ এডিনবাৰ্গ প্ৰিন্স ফিলিপে কৰ’নাৰ ভেকচিন গ্ৰহণ কৰিছে।

শনিবাৰে বাকিংহাম পেলেচৰ এক বিবৃতিত এই কথা জানিবলৈ দিয়া হৈছে।

বাতৰি অনুসৰি, ব্ৰিটেইনৰ ৰাজ পৰিয়ালৰ সদস্যসকলৰ ব্যক্তিগত স্বাস্থ্য সম্পৰ্কীয় বিষয়বোৰ সাধাৰণতে সদৰী কৰা নহয় যদিও ৰাণী আৰু তেওঁৰ স্বামীয়ে ভেকচিন লোৱাৰ কথা ঘোষণা কৰা হৈছে।

ৰাজ পৰিয়ালৰ সূত্ৰৰ জৰিয়তে জানিব পৰা গৈছে যে ৰাজ পৰিয়ালৰ বিশেষ এগৰাকী চিকিৎসকে ৰাণী এলিজাবেথ আৰু তেওঁৰ স্বামীক ভেকচিন দিয়ে।

বৰ্তমান ৯৪বছৰীয়া ৰাণী আৰু ৯৯বছৰীয়া স্বামী ফিলিপ লকডাউনৰ সময়ত তাতেই থাকিবলৈ লৈছে।

ব্ৰিটেইনত নতুন ষ্ট্ৰেনৰ কৰ’না ভাইৰাছৰ সংক্ৰমণ বিয়পি পৰাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।

দেশখনত ইতিমধ্যে ১০ লাখতকৈয়ো অধিক লোকে কৰ’নাৰ ভেকচিন গ্ৰহণ কৰিছে। কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশখনৰ ব্যাপক অঞ্চলত লকডাউন বলবৎ কৰা হৈছে।

Related News