NORTHEAST NOW (Assamese)

আজি মনোনয়ন দিবলৈ সাজু গুৱাহাটীৰ বিজেপি আৰু কংগ্ৰেছৰ দুই প্ৰাৰ্থী কুইন ওজা-ববিতা শৰ্মা

April 1, 2019 10:48 am · এন ই নাও নিউজ
ফাইল ফটো। ফেচবুকৰ সৌজন্যত

গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজা আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মাই আজি মনোনয়ন পত্ৰ দাখিল কৰিব। অহা ২৩ এপ্ৰিলত তৃতীয় পৰ্যায়ত গুৱাহাটীত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

বিজেপিৰ প্ৰাৰ্থী কুইন ওজাই আজি গুৱাহাটীৰ সোণাৰাম খেলপথাৰৰ পৰা এক বিশাল সমদলেৰে উত্তৰ গুৱাহাটীৰ আমিনগাঁৱলৈ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যাব।

আনহাতে, কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাইয়ো আমিনগাঁৱলৈ সমদল উলিয়াব বুলি জানিব পৰা গৈছে। ইয়াৰ বাবে ৰাজীৱ ভৱনত অন্তিম মুহূৰ্তৰ প্ৰস্তুতি চলি আছে।

ভাৰতীয় জনতা পাৰ্টীৰ প্ৰক্ষেপিত আৰু মিত্ৰজোঁটৰ সমৰ্থিত ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ পদৰ প্ৰাৰ্থী কুইন ওজাই মনোনয়ন দাখিল কৰা আজিৰ অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ,নেডাৰ আহ্বায়ক তথা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধব, বিজেপিৰ অসম প্ৰদেশৰ প্ৰভাৰী মহেন্দ্ৰ সিং তথা অগপৰ সভাপতি অতুল বৰাকে ধৰি মিত্ৰজোঁটৰ নেতাসকল উপস্থিত থাকিব।

আনহাতে, কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ মনোনয়ন পত্ৰ দাখিলৰ সময়তো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়াকে ধৰি দলৰ শীৰ্ষ নেতাসকল উপস্থিতি থাকিব।

জানিব পৰা মতে, আজি মনোনয়ন দখিল কৰাৰ পাছতে প্ৰাৰ্থী দুগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰিব।

Related News