• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমত উপস্থিত, উত্তৰ-পূব ভ্ৰমণলৈ আহিলেও বাদ মণিপুৰ! অমিত শ্বাহৰ কাৰ্যসূচীক লৈ প্ৰশ্ন বিৰোধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 15, 2025 8:02 am
193
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তিনিদিনীয়া কৰ্যসূচীৰে উত্তৰ-পূব ভাৰত ভ্ৰমণলৈ আহি ইতিমধ্যে শুকুৰবাৰে অসম উপস্থিত হৈছে। অৱশ্যে তেওঁৰ ভ্ৰমণসূচীত নাই মণিপুৰ! ইতিমধ্যে বিষয়টোক লৈ বিতৰ্ক আৰম্ভ হৈছে।

উত্তৰ-পূবৰ এই ৰাজ্যখন প্ৰায় দুবছৰ ধৰি গোষ্ঠীগত সংঘাতত লিপ্ত হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ইমানদিনে তালৈ যোৱা নাই। এইবাৰ উত্তৰ-পূব ভাৰতলৈ আহিলেও শ্বাহেও মণিপুৰক তালিকাৰ পৰা বাদ দিছে! সেয়ে, স্বাভাৱিকতে বিতৰ্কৰ সৃষ্টি হৈছে।

এতিয়ালৈকে প্ৰকাশ পোৱা অমিত শ্বাহৰ ভ্ৰমণসূচীৰ তালিকাত মণিপুৰৰ নাম অন্তৰ্ভুক্ত হোৱা নাই। মূলতঃ অসম আৰু মিজোৰামৰ একাধিক জিলা ভ্ৰমণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে।

শুকুৰবাৰে নিশা তেওঁ যোৰহাটত উপস্থিত হৈছে। যোৰহাটৰ পৰা গোলাঘাট জিলাৰ দেৰগাঁওলৈ যাব। তেওঁ তাত শনিবাৰে পুৱা লাচিত বৰফুকন আৰক্ষী একাডেমী উদ্বোধন কৰিব।

ইয়াৰ পিছত শ্বাহ মিজোৰামলৈ যাব। আইজলৰ পৰা জোখাওছাঙলৈ অসম ৰাইফলছ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে আনুষংগিক এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা। শনিবাৰে সন্ধিয়া তেওঁ গুৱাহাটীলৈ উভতি আহিব।

দেওবাৰে পুৱা কোকৰাঝাৰৰ দতমা ভ্ৰমণৰ কথা অমিত শ্বাহে। তাত বড়ো ছাত্ৰ সংগঠন আবছুৰ ৫৭ সংখ্যক বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত তেওঁ গুৱাহাটীলৈ উভতি আহি উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা। অৱশেষত নতুন দিল্লীলৈ উভতি যাব গৃহমন্ত্ৰী শ্বাহ।

তিনিদিনীয়া ভ্ৰমণৰ সময়ছোৱাত একাধিক স্থান ভ্ৰমণ কৰিও কিয় হিংসা কবলিত মণিপুৰলৈ নাযায় তাৰ উত্তৰ সকলোৱে বিচাৰিছে। অৱশ্যে এই বিষয়ত কেন্দ্রৰ পৰা এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই৷

যোৱা ১ মাৰ্চত অমিত শ্বাহে মণিপুৰৰ নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। শান্তি শৃংখলা উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশো দিয়ে। শ্বাহৰ মন্ত্ৰালয়ে কয় যে তেওঁ সমগ্ৰ ৰাজ্যৰ লোকসকলক স্বাভাৱিক জীৱনলৈ ঘূৰি আহিবলৈ নিৰ্দেশ দিছে। একে সময়তে শান্তি বিঘ্নিত কৰিব বিচৰাসকলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। এই সকলোবোৰৰ মাজতো অমিত শ্বাহ নিজে কিয় মণিপুৰলৈ নাযায় সেই প্ৰশ্নৰ উত্তৰ কিন্তু নাই।

Recent News

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd